உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ৭ বছৰ পূৰ্বে যিজনী মাইকী সিংহৰ প্ৰাণ ৰক্ষা কৰিছিল তাইৰ সৈতে হাবিত হ’ল মুখামুখি! তাৰ পিছত... আচৰিত VIDEO

    ৭ বছৰ পূৰ্বে যিজনী মাইকী সিংহৰ প্ৰাণ ৰক্ষা কৰিছিল তাইৰ সৈতে হাবিত হ’ল মুখামুখি! তাৰ পিছত... আচৰিত VIDEO

    ভিডিঅ'টো যথেষ্ট আচৰিত আৰু সামাজিক মাধ্যমৰ মানুহে ইয়াক চাই স্তম্ভিত হৈ পৰিছে। বহুলোকে মন্তব্যত লিখিছিল যে ভিডিঅ'টোৱে তেওঁলোকৰ চকুত চকুপানী আনিছে।

    ভিডিঅ'টো যথেষ্ট আচৰিত আৰু সামাজিক মাধ্যমৰ মানুহে ইয়াক চাই স্তম্ভিত হৈ পৰিছে। বহুলোকে মন্তব্যত লিখিছিল যে ভিডিঅ'টোৱে তেওঁলোকৰ চকুত চকুপানী আনিছে।

    ভিডিঅ'টো যথেষ্ট আচৰিত আৰু সামাজিক মাধ্যমৰ মানুহে ইয়াক চাই স্তম্ভিত হৈ পৰিছে। বহুলোকে মন্তব্যত লিখিছিল যে ভিডিঅ'টোৱে তেওঁলোকৰ চকুত চকুপানী আনিছে।

    • Share this:
    শেহতীয়াকৈ ফেচবুকত এটা ভিডিঅ' (Man Meeting Lion in Jungle Video) দ্ৰুতগতিত ভাইৰেল হৈ আছে যিটো যথেষ্ট আৱেগিক আৰু আনন্দদায়ক। ভিডিঅ'টোত, এজন মানুহে এজনী প্ৰকাণ্ড মাইকী সিংহৰ মুখামুখি হয়, কিন্তু সিংহজনীয়ে তেওঁক আক্ৰমণ নকৰিলে বৰং মৰম কৰিবলৈ ধৰাত মানুহজন স্তম্ভিত হৈ পৰে (Lioness Loving Man in River Video)। দৰাচলতে, ভিডিওটোত দেখা ব্যক্তিজন এজন বিখ্যাত বন্যপ্ৰাণী সংৰক্ষক (Wildlife Conservative)।

    মানুহ আৰু জন্তুৰ (Humans-Animals Friendship) মাজৰ বন্ধুত্ব অতি বিশেষ। কেতিয়াবা ই মানুহৰ মাজৰ বন্ধুত্বতকৈ শক্তিশালী হয়। মানুহৰ মাজত ধূৰ্তামী থাকিব পাৰে, কিন্তু জন্তুবোৰৰ কেতিয়াও এনে অনুভৱ দেখা নাযায়। যদি জন্তু এবাৰ আপোনাৰ বন্ধু হয়, তেওঁলোকে বছৰ বছৰ ধৰি সেই বন্ধুত্ব বজাই ৰাখে। শেহতীয়াকৈ এটা অৰণ্যত একে ধৰণৰ দৃশ্য দেখা গৈছিল যেতিয়া এজন মানুহে এজনী সিংহক লগ পায় (Man Went To Meet Lioness In Jungle) যাক তেওঁ নিচেই সৰুতে মৃত্যুৰ পৰা ৰক্ষা কৰিছিল।

    READ| ১০ দিনীয়া পোৱালী সিংহজনীক মানুহজনে বচাইছিল, ৯ বছৰ পিছত তেওঁৰ বেষ্ট ফ্ৰেণ্ড হৈ পৰিছে সিৰ্গা...চাওক VIDEO

    ৭ বছৰৰ পিছত যেতিয়া সিংহজনীক লগ ধৰে

    কেভিন ৰিচাৰ্ডচন (Kevin Richardson) 'দ্য লায়ন হুইচপাৰ' (The Lion Whisperer) নামেৰে বিখ্যাত। সিংহৰ প্ৰতি তেওঁৰ প্ৰেম জগতে জানে। শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ' যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। ফেচবুক পেজ ‘দ্য কিৱি’ৰ দ্বাৰা পোষ্ট কৰা ভিডিঅ'টো অনুসৰি, কেভিন চাভানাৰ অৰণ্যলৈ আহি ৭ বছৰ আগতে ৰক্ষা কৰা এজনী সিংহৰ মুখামুখি হয়। মেগ নামৰ সিংহজনীক কেভিনে সৰু অৱস্থাত ৰক্ষা কৰিছিল চোৰাং ব্যৱসায়ীৰ কৱলৰ পৰা। অবৈধভাৱে বিক্ৰী কৰিবলৈ লওঁতে কেভিনে পোৱালী সিংহজনীক উদ্ধাৰ কৰিছিল আৰু তাইক এখন অভয়াৰণ্যলৈ লৈ আহিছিল য'ত তাই জন অৰণ্যৰ পৰা আঁতৰত ডাঙৰ-দীঘল হয়। কামৰ ব্যস্ততাৰ বাবে কেভিনো আঁতৰি থাকিব লগীয় হৈছিল। কিন্তু ৭বছৰ পিছত যেতিয়া তেওঁ অভয়াৰণ্যখনলৈ যায় সিংহজনীয়ে তেওঁক লগে লগে চিনাক্ত কৰে।





    চিনাক্ত কৰাৰ লগে লগে সিংহজনীয়ে মৰম কৰিবলৈ ধৰে কেভিনক

    প্ৰথমে সিংহজনীয়ে কেভিনৰ ফালে চাই আছিল। এনে লাগিছিল যেন তাই মনত পেলাবলৈ চেষ্টা কৰিছে। লাহে লাহে আগুৱাই গৈছিল আৰু এনে লাগিছিল যেন তাই কেভিনৰ চিকাৰ কৰিবলৈ আগবাঢ়িছে, কিন্তু তাই কেভিনক চিনাক্ত কৰে। লগে লগে তাই কেভিনৰ ফালে জপিঁয়াই চেলেকিবলৈ ধৰে। পানীৰ মাজতে আনকি কেভিনে সাৱটি ধৰে একালৰ পোৱালী সিংহজনীক। ভিডিঅ'টো যথেষ্ট আচৰিত আৰু সামাজিক মাধ্যমৰ মানুহে ইয়াক চাই স্তম্ভিত হৈ পৰিছে। বহুলোকে মন্তব্যত লিখিছিল যে ভিডিঅ'টোৱে তেওঁলোকৰ চকুত চকুপানী আনিছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    First published: