সাঁতুৰি থাকোতে ব্যক্তিৰ গোপন অংগত সোমাল জোক! ব্লাডাৰৰ জৰিয়তে পালেগৈ পেট

News18 Assam | News18-Assam
Updated:June 28, 2020, 10:42 PM IST
সাঁতুৰি থাকোতে ব্যক্তিৰ গোপন অংগত সোমাল জোক! ব্লাডাৰৰ জৰিয়তে পালেগৈ পেট
কম্বোদিয়াত সংঘটিত হৈছে এই আচৰিত ঘটনা। সাঁতুৰি থকা এজন ব্যক্তি সন্মুখীন হ’ল অনাকাংক্ষিত পৰিস্থিতিৰ।

কম্বোদিয়াত সংঘটিত হৈছে এই আচৰিত ঘটনা। সাঁতুৰি থকা এজন ব্যক্তি সন্মুখীন হ’ল অনাকাংক্ষিত পৰিস্থিতিৰ।

  • Share this:
আচৰিত! সাঁতুৰি থাকোতে এজন ব্যক্তিৰ গোপন অংগত সোমাল জোক। পিছত ব্লাডাৰেৰে জোক পেট পাইগৈ ব্যক্তিজনৰ। পিছত পেটৰ অসহ্য বিষ অনুভৱ কৰাত অস্ত্ৰোপচাৰ কৰি জোক বাহিৰলৈ উলিওৱা হয়।

ডেইলী মেইল নামৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা খবৰ অনুসৰি কম্বোদিয়াৰ ৬৭ বছৰীয়া এজন লোকে ঘৰৰ কাষৰ এখন নদীত সদায় সাঁতুৰাৰ দৰে সাঁতুৰিবলৈ গৈছিল। আৰু সাঁতুৰি থাকোটেই হঠাত্‍ লোকজনৰ গোপন অংগত সোমাই জোক। পিছত জোক ব্লাডাৰৰ জৰিয়তে পাইগৈ পেট। পিছত অত্যন্ত পেট বিষ হোৱাত লোকজন চিকিত্‍সক কাষ চাপে। আৰু চি টি স্কেন কৰাত প্ৰমাণিত হয় যে, ব্যক্তিজনৰ ব্লাডাৰেৰে জোক পেটলৈ সোমাই যায়। খবৰ অনুসৰি এই ঘটনা ২২ জুনৰ।

চিকিত্‍সক হৈ পৰিল আচৰিতঃ

চিকিত্‍সালয়ত যেতিয়া লোকজনৰ চিটি স্কেন কৰা তেতিয়া চিকিত্‍সকে ভাবিছিল যে, ৰেক্টামৰ জৰিয়তে জোক পেটলৈ প্ৰৱেশ কৰিছে। কিন্তু যেতিয়া ৰিপৰ্ট আহিল, তেতিয়া আচৰিত হৈ পৰে চিকিত্‍সকজন। চিকিত্‍সকে জনোৱা মতে, জোক সোমোৱাৰ ফলত ব্লাডাৰত ঘাঁ লাগিছে লোকজনৰ। আৰু ইয়াৰ ফলত ইণ্টাৰনেল ব্লীডিং  আৰম্ভ হৈছিল লোকজনৰ।
First published: June 28, 2020, 10:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading