ড’নাল্ড ট্ৰাম্পক ৰঙা চকু দেখুৱাই শিৰোনাম দখল ১৬বছৰীয়া গ্ৰেটাৰ, VIDEO ভাইৰেল

গ্ৰেটাৰ খঙাল চাৱনিৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰিলে ঠাট্টা।

News18
Updated:September 24, 2019, 5:40 PM IST
ড’নাল্ড ট্ৰাম্পক ৰঙা চকু দেখুৱাই শিৰোনাম দখল ১৬বছৰীয়া গ্ৰেটাৰ, VIDEO ভাইৰেল
গ্ৰেটাৰ খঙাল চাৱনিৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰিলে ঠাট্টা।
News18
Updated: September 24, 2019, 5:40 PM IST
জলবায়ু সন্মিলনত নিজৰ ভাষণেৰে তোলপাৰ লগোৱাৰ পিছত পৰিৱেশ কৰ্মী ১৬ বছৰীয়া গ্ৰেটা থানবাৰ্গৰ এটা বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভিডিঅ’টোত তেওঁ ড’নাল্ড ট্ৰাম্পক অতি খঙেৰে চাই আছে।

দৰাচলতে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’ত গ্ৰেটাই যুক্তৰাষ্ট্ৰৰ লবীত বিশ্বৰ নেতাসকল অহালৈ অপেক্ষা কৰি আছিল। তেওঁৰ চেহেৰাত উৎসুকতা আছিল কিন্তু ড’নাল্ড ট্ৰাম্পক দেখাৰ লগে লগে চেহেৰাৰ ভাৱ বেলেগ হৈ পৰে।

হঠাৎ গ্ৰেটাৰ মুখৰ ভাৱ সলনি হোৱাৰ দৃশ্য থকা এই ভিডিঅ’ ছচিয়েল মিডিয়াত বাৰুকৈ ভাইৰেল হৈছে আৰু ব্যৱহাৰকাৰীসকলে কৈছে যে গ্ৰেটাই একো নোকোৱাকৈ চকুৰ চাৱনিৰে বহু কথাই কৈ দিছে।




উল্লেখযোগ্য যে,চকুত চকুপানী আৰু ক্ষোভেৰে এইগৰাকী যুৱ কাৰ্যকৰ্তাই নিজৰ ক্ষুৰধাৰ প্ৰশ্নৰে স্তব্ধ কৰি তুলিলে সমগ্ৰ বিশ্বক। ছুইডেনৰ গ্ৰেটা থানবাৰ্গে এই সন্মিলনত বিশ্ব নেতাসকলৰ ওপৰত গ্ৰীন হাউছ গেছৰ নিৰ্গমনৰ পৰা ৰক্ষা পোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ তোলে। লগতে যুৱ প্ৰজন্মক প্ৰতাৰণা কৰাৰো অভিযোগ তোলে গ্ৰেটাই। গ্ৰেটাই কয় –
আপোনালোকে ফোঁপোলা শব্দৰে আমাৰ সপোন আৰু শৈশৱ ধ্বংস কৰিছে। মানুহ মৰি আছে, সম্পূৰ্ণ পৰিস্থিতি তন্ত্ৰ ধ্বংস হৈ আছে। আমি এক বিশাল বিলুপ্তিৰ দিশে আৰু আপোনালোকে পইচাৰ বিষয়ে তথা আৰ্থিক বিকাশৰ কাল্পনিক কথা কয়। আপোনালোকে এয়া ক’বলৈ সাহস কেনেকৈ কৰিলে?


ট্ৰাম্পে কৰিলে ঠাট্টা

এফালে গ্ৰেটাৰ ভাষণে বিশ্বত খলকনি তোলাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঠাট্টা কৰিছে গ্ৰেটাক। গ্ৰেটাৰ খঙাল চলচলীয়া চকুহালে বহুলোকক স্তব্ধ কৰি তোলাৰ সময়ত ট্ৰাম্পে তেওঁৰ চেহেৰাত আনন্দ দেখা পাইছে! তেওঁ ছচিয়েল মিডিয়াত লিখে,
মই এজনী বৰ আনন্দিত ছোৱালী দেখা পালো। তেওঁৰ ভৱিষ্যৎ বৰ উজ্জ্বল আৰু ভাল।




উল্লেখযোগ্য যে জলবায়ু পৰিৱৰ্তনৰ এই বৈঠকত ড’নাল্ড ট্ৰাম্প অতি কম সময়ৰ কাৰণেহে আহিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি