உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Viral : প্ৰেমিকৰ জীৱন বচাবলৈ প্ৰেমিকাই দান কৰিলে কিডনী, ১০ মাহৰ পিছত প্ৰেমিকে কৰিলে ঘোৰ প্ৰতাৰণা!

    Viral : প্ৰেমিকৰ জীৱন বচাবলৈ প্ৰেমিকাই দান কৰিলে কিডনী, ১০ মাহৰ পিছত প্ৰেমিকে কৰিলে ঘোৰ প্ৰতাৰণা!

    টিকটকাৰ কলিন (Colleen)এ অলপতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁ এক আচৰিত ঘটনাৰ উল্লেখ কৰিছিল। কলিনে কয় যে তাই ৬ বছৰ আগতে এজন যুৱকৰ সৈতে সম্পৰ্কত আছিল কিন্তু যথেষ্ট অনুগ্ৰহ সত্বেও যুৱকজনে তাইক প্ৰতাৰণা কৰিছিল।

    টিকটকাৰ কলিন (Colleen)এ অলপতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁ এক আচৰিত ঘটনাৰ উল্লেখ কৰিছিল। কলিনে কয় যে তাই ৬ বছৰ আগতে এজন যুৱকৰ সৈতে সম্পৰ্কত আছিল কিন্তু যথেষ্ট অনুগ্ৰহ সত্বেও যুৱকজনে তাইক প্ৰতাৰণা কৰিছিল।

    টিকটকাৰ কলিন (Colleen)এ অলপতে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁ এক আচৰিত ঘটনাৰ উল্লেখ কৰিছিল। কলিনে কয় যে তাই ৬ বছৰ আগতে এজন যুৱকৰ সৈতে সম্পৰ্কত আছিল কিন্তু যথেষ্ট অনুগ্ৰহ সত্বেও যুৱকজনে তাইক প্ৰতাৰণা কৰিছিল।

    • Share this:
    প্ৰেমৰ বাবে এজন  লোকে যিকোনো কাম কৰিব পাৰে, যিকোনো পৰ্য্যায়লৈ যাব পাৰে। কিন্তু আনজনেও প্ৰথমজনৰ দৰেই যে তেওঁকো ভাল পাব তাৰ কনো নিশ্চয়তা নাথাকে। এই কথাকে  শেহতীয়াকৈ প্ৰমাণ কৰিছে এগৰাকী মহিলাই যিগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে জড়িত এটা আচৰিত ঘটনা ৰাজহুৱা কৰিছে। মহিলাগৰাকীয়ে কয় যে তেওঁ প্ৰেমিকৰ জীৱন বচাবলৈ নিজৰ এটা বৃক্ক দান কৰিছিল (Girlfriend donated Kidney to Boyfriend) কিন্তু ইয়াৰ পিছতে মহিলাগৰাকীৰ প্ৰেমিকে তেওঁক বৰ বেয়াকৈ প্ৰতাৰণা কৰিলে (Boyfriend cheat Girlfriend who donated him kidney)।

    দ্য চান ৱেবছাইটৰ বাতৰি অনুসৰি টিকটকাৰ কলিন (Colleen)য়ে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত তেওঁ এই আচৰিত ঘটনাটোৰ কথা উল্লেখ কৰিছে। কলিনে জনায় যে তেওঁ ৬ বছৰ আগতে এজন ল'ৰাৰ সৈতে সম্পৰ্কত আছিল। কলিনে তেওঁক বহুত ভাল পাইছিল, কিন্তু ল'ৰাজনে ১৭ বছৰ বয়সৰ পৰা বৃক্কৰ গুৰুতৰ সমস্যাত ভূগি আছিল। ইয়াৰ বাবে তেওঁ ডায়েলাইচিছ কৰিব লগা হৈছিল। তেওঁৰ বৃক্কই মাত্ৰ ৫ শতাংশহে কাম কৰিছিল।

    তেওঁৰ বয়ফ্ৰেণ্ডক এটা বৃক্ক দান কৰিছিল
    কলিনে নিজৰ বয়ফ্ৰেণ্ডক তাইৰ চকুৰ সন্মুখতে তিল তিলকৈ মৰা চাব বিচৰা নাছিল।সেয়েহে চিন্তা নকৰাকৈ প্ৰেমিকক নিজৰ এটা বৃক্ক (Woman Donate Kidney to Boyfriend) দান দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁ নিজৰ পৰীক্ষা কৰাইছিল আৰু দুয়োৰে তেজৰ সৈতে মিলাইছিল আৰু বৃক্কৰ অস্ত্ৰোপচাৰ (Kidney transplant)ও সফল হৈছিল। ইমান ডাঙৰ সহায়ৰ পিছত এজন ব্যক্তিয়ে সাধাৰণতে সহায়কজনৰ ওচৰত গোটেই জীৱন কৃতজ্ঞ হয়, কিন্তু কলিনৰ প্ৰেমিকে ইয়াৰ সম্পূৰ্ণ বিপৰীত কাম কৰিছিল। তেওঁ কেইমাহমান পিছতে কলিনক প্ৰতাৰণা কৰিছিল।

    অস্ত্ৰোপচাৰৰ ১০ মাহৰ পিছত বয়ফ্ৰেণ্ডৰ সৈতে বিচ্ছেদ হয়

    তেওঁ কলিনক কৈছিল যে তেওঁ বন্ধুবৰ্গৰ সৈতে পাৰ্টি কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছলৈ গৈছে কিন্তু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ কলিনক প্ৰতাৰণা কৰিছিল আৰু আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্কত আছিল। আনকি ঘটনাটোৰ পিছতো কলিনে তাইৰ প্ৰেমিকক দ্বিতীয়বাৰ সুযোগ দিছিল, কিন্তু ৩ মাহৰ ভিতৰত মানুহজনে ফোন কৰিছিল আৰু কলিনৰ সৈতে বিচ্ছেদ কৰিছে। কেৱল সেয়াই নহয়, প্ৰতাৰক প্ৰেমিকজনে কলিনক কৈছিল যে তেওঁ সমাজৰ দৃষ্টিত ভাল বোলাবলৈহে হেনো বৃক্ক দান কৰিছিল। পিছে ইমানৰ পিছতো কলিন থমকি ৰোৱা নাই, কলিন নিজৰ জীৱনত আগবাঢ়ি গৈছে, কিন্তু এনে এক ভুৱা সম্পৰ্কত আৱদ্ধ হোৱাৰ বাবে তেওঁ নিজেই দুঃখিতবোধ কৰিছে। সামাজিক মাধ্যমত মানুহে তেওঁক অত্যন্ত প্ৰশংসা কৰিছে আৰু  প্ৰেমিকজনক সমালোচনা কৰিছে।
    Published by:Manjumoni Borah
    First published: