உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • প্ৰেমিকাৰ মাকক বৃক্ক দান কৰিলে প্ৰেমিকে, অস্ত্ৰোপচাৰৰ পিছতে প্ৰেমিকাই অন্য কাৰোবাক কৰালে বিয়া!

    প্ৰেমিকাৰ মাকক বৃক্ক দান কৰিলে প্ৰেমিকে, অস্ত্ৰোপচাৰৰ পিছতে প্ৰেমিকাই অন্য কাৰোবাক কৰালে বিয়া!

    প্ৰেমিকাৰ মাকক এটা বৃক্ক দান দিছিল প্ৰেমিকে। কিন্তু অস্ত্ৰোপচাৰৰ এমাহৰ পিছতে প্ৰেমিকাই তেওঁৰ সৈতে বিচ্ছেদ কৰিছিল আৰু আন কাৰোবাক বিয়া কৰাইছিল।

    প্ৰেমিকাৰ মাকক এটা বৃক্ক দান দিছিল প্ৰেমিকে। কিন্তু অস্ত্ৰোপচাৰৰ এমাহৰ পিছতে প্ৰেমিকাই তেওঁৰ সৈতে বিচ্ছেদ কৰিছিল আৰু আন কাৰোবাক বিয়া কৰাইছিল।

    প্ৰেমিকাৰ মাকক এটা বৃক্ক দান দিছিল প্ৰেমিকে। কিন্তু অস্ত্ৰোপচাৰৰ এমাহৰ পিছতে প্ৰেমিকাই তেওঁৰ সৈতে বিচ্ছেদ কৰিছিল আৰু আন কাৰোবাক বিয়া কৰাইছিল।

    • Share this:
    কোৱা হয় যে মানুহ প্ৰেমত অন্ধ হৈ পৰে। এইটো কেৱল এটা কোৱা কথা যদিও কেতিয়াবা ই বাস্তৱ সত্যলৈ ৰূপান্তৰিত হয়। প্ৰেমত পৰা লোকসকলে তেওঁলোকৰ সকলো সুখ, শান্তি, আনন্দ আদি নিজৰ সঙ্গীৰ নামত ত্যাগ কৰিবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু এজন প্ৰেমিকে ইয়াতকৈও বেছি আগবাঢ়ি গৈ তেওঁৰ প্ৰেমিকাৰ বাবে এনে কাম কৰিছিল (Boyfriend donated kidney to girlfriend’s mother) যে যিয়েই ইয়াৰ বিষয়ে শুনিব তেওঁ বুজিব যে এজন লোকে তেওঁৰ প্ৰেমিকাক কিমান ভাল পাব পাৰে। কিন্তু সেই প্ৰেমিকাই (Girlfriend dumped boyfriend, married someone else) তেওঁক সিমান ভাল পোৱা নাছিল।

    দ্য চান ৱেবছাইটৰ মতে, মেক্সিকো (Mexico)ৰ এগৰাকী শিক্ষক উজিল মাৰ্টিনেজে (Uziel Martinez) অলপতে তেওঁৰ টিকটকত এটা আচৰিত কাহিনী শ্বেয়াৰ কৰিছে যিয়ে মানুহক স্তম্ভিত কৰি তুলিছে। উজিলে কৈছিল যে তেওঁ তেওঁৰ এটা বৃক্ক (Boyfriend donate kidney to girlfriend’s mother) তেওঁৰ প্ৰেমিকাৰ মাকক দান কৰিছিল। কিন্তু তাৰ পিছত যি হ'ল সেয়া আচৰিত আছিল।


    উজিলে কয় যে তেওঁ তেওঁৰ প্ৰেমিকাৰ মাকক এটা বৃক্ক দান দিছিল কিন্তু অস্ত্ৰোপচাৰৰ এমাহৰ পিছতে প্ৰেমিকাই তেওঁৰ সৈতে বিচ্ছেদ কৰিছিল আৰু আন কাৰোবাক বিয়া কৰাইছিল। মানুহজন অত্যন্ত দুখী যেন লাগিছিল। তেওঁ তেওঁৰ টিকটকত শ্বেয়াৰ কৰা ভিডিঅ'টোত তেওঁক বৰ দুখ মনে চোফাত পৰি থকা দেখা গৈছিল।

    Published by:Manjumoni Borah
    First published: