உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • অচিনাক্ত বাটৰুৱাৰ চাইকেল বেয়া দেখি গৈছিল ভাল কৰিবলৈ, মেৰামতি কৰি থাকোঁতেই ঘটিল এই কাণ্ড...

    অচিনাক্ত বাটৰুৱাৰ চাইকেল বেয়া দেখি গৈছিল ভাল কৰিবলৈ, মেৰামতি কৰি থাকোঁতেই ঘটিল এই কাণ্ড...

    অজ্ঞাত বাটৰুৱাৰ চাইকেল মেৰামতি কৰিবলৈ গৈ দেখিলে চোৰে চুৰি কৰি আনিছে তেওঁৰেই চাইকেল। এই আচৰিত ঘটনা গ্লাছগোৰ।

    অজ্ঞাত বাটৰুৱাৰ চাইকেল মেৰামতি কৰিবলৈ গৈ দেখিলে চোৰে চুৰি কৰি আনিছে তেওঁৰেই চাইকেল। এই আচৰিত ঘটনা গ্লাছগোৰ।

    অজ্ঞাত বাটৰুৱাৰ চাইকেল মেৰামতি কৰিবলৈ গৈ দেখিলে চোৰে চুৰি কৰি আনিছে তেওঁৰেই চাইকেল। এই আচৰিত ঘটনা গ্লাছগোৰ।

    • Share this:
    উপকাৰী লোকে কাকো সহায় কৰিবলৈ কেতিয়াও পিছ নুহুহোকে। তেনে লোকে কাৰোবাৰ বিপদ দেখিলেই সাহৰ  বাবে আগবাঢ়ি আহে। কিন্তু কেতিয়াবা এনে সহায় নিজেৰ বাবেই হৈ পৰে ফলদায়ক। শেহতীয়াকৈ এজন লোকৰ ক্ষেত্ৰত এনেকুৱা হৈছিল যেতিয়া তেওঁ এজন অজ্ঞাত ব্যক্তিক সহায় কৰিবলৈ মাজ ৰাস্তাত থমকি ৰৈছিল।

    গ্লাছগোৰ জন ডেভলিন (John Devlin) নামৰ লোকজনে নিজৰ নৈশ ডিউটী সামৰি পুৱা ঘৰলৈ গৈ আছিল। তেতিয়া ৰাস্তাত এজন লোকে তেওঁৰ বেয়া হোৱা চাইকেলখন (Cycle) মেৰামতি কৰাৰ চেষ্টা কৰি থকা দেখা পালে আৰু নিজে আগবাঢ়ি গৈ লোকজনৰ সহায় কৰিবলৈ লাগি গ'ল।

    লোক জনৰ নাম আছিল পল হাৰ্টী (Paul Hartey) আৰু জনে ভাবিছিল যে পলক সহায় কৰাটো দৰকাৰী। জনে চাইকেলখনৰ কাম কৰিয়েই আছিল আৰু এনে সময়তে তেওঁৰ চকু পৰিল চাইকেলখনৰ পিছফালে ওলোমাই ৰখা হেলমেটটোলৈ। জনৰ এনে লাগিল যেন হেলমেটটো তেওঁৰ হেলমেটৰ সৈতে একে। আৰু অলপ সময় চাইকেলখন চোৱাৰ পিছত তেওঁ অনুভৱ কৰিব ধৰিলে যে এই চাইকেলখন তেওঁৰেই হয়। তেওঁ লগে লগে বুজি পালে যে যিজন লোকক তেওঁ সহায় কৰি আছে আচলতে তেওঁ এজন চোৰ (Cycle thief)হে। তেওঁ লগে লগে পল নামৰ লোকজনক ক'লে যে এইখন তেওঁৰ চাইকেল।

    পলে এই কথা শুনাৰ লগে লগে জনক ছুৰী দেখুৱাই চাইকেলখন লৈ পলবলৈ চেষ্টা কৰে।  কিন্তু জনে তেওঁক খেদি খেদি ধৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ জেৰাত পলে স্বীকাৰ কৰে যে জনে তেওঁক লগ পোৱাৰ কিছুসময় পূৰ্বে জনৰ ঘৰৰ পৰা চাইকেলখন চুৰি কৰিছিল। আদালতে পলক চুৰি, গেট ভঙা আৰু লগত চোকা অস্ত্ৰ ৰখাৰ অপৰাধত ১৫ মাহৰ কাৰাদণ্ড বিহিছে।
    Published by:Manjumoni Borah
    First published: