চাৰ্কাছ চাই বহুতে ভালপায়। বৰ্তমান সময়ত চাৰ্কাছৰ কিছুমান শিহৰণকাৰী ভিডিও ছচিয়েল মিডিয়াতো ভাইৰেল হৈ থকা দেখিবলৈ পোৱা যায়। শিশুৰ পৰা বৃদ্ধজনলৈকে চাৰ্কাছ চাই লাভ কৰে সুকীয়া আমেজ। মনোৰঞ্জনৰ বাবেই চাৰ্কাছ উপভোগ কৰা হয় যদিও কেতিয়াবা চাৰ্কাছত এনে কিছুমান ঘটনা ঘটে, যাক দেখিলে আতংকিত হৈ পৰে সকলো।
বহুদেশত বৰ্তমান চাৰ্কাছত বনৰীয়া জীৱ-জন্তু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আমি চাৰ্কাছৰ যিটো ভিডিওৰ কথা কব বিচাৰিছো, তাত এটা ভালুক আৰু এগৰাকী মহিলাৰ মাজত এনে ঘটনা সংঘটিত হ'ল, যি দেখিলে সকলোৱে ভয় খাব।
ৰুচৰ ওৰয়ল চহৰৰ পৰা আহিছে এই হৃদয় কঁপোৱা ভিডিওটো। এখন চাৰ্কাছত শিশু আৰু বৃদ্ধই আনন্দ লৈ আছিল। যেতিয়া ভালুকৰ লগত জড়িত এক্ট আহে, সকলো লোক অধীৰ আগ্ৰহী হৈ পৰে। এই এক্টটোত একাংশ ট্ৰেইনাৰে ভালুকক লৈ নানা ধৰণৰ খেল দেখুওৱা পৰিলক্ষিত হৈছিল।
ভিডিওত দেখা গৈছিল যে, এগৰাকী গৰ্ভৱতী মহিলা ট্ৰেইনাৰে এটা ভালুকক নিয়ন্ত্ৰণ কৰিবলৈ আহে। আৰু তেতিয়াই মহিলাগৰাকীৰ ওপৰত জপিয়াই পৰে ভালুকটো। নীলা ৰঙৰ ফ্ৰক পিন্ধা মহিলাগৰাকীয়ে ভালুকটোক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰে যদিও ভালুকে মাটিত বগৰাই দিয়ে মহিলাগৰাকীক। পিছত অন্য ট্ৰেইনাৰে ভালুকক খেদি উদ্ধাৰ কৰে গৰ্ভৱতী মহিলাগৰাকীক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|