• Home
  • »
  • News
  • »
  • world
  • »
  • বৰফৰ দৰে বগা চুলিৰ সৈতে জন্ম হ'ল এক অনন্য কেঁচুৱা, চিকিৎসকৰো উৰিল হুচ!

বৰফৰ দৰে বগা চুলিৰ সৈতে জন্ম হ'ল এক অনন্য কেঁচুৱা, চিকিৎসকৰো উৰিল হুচ!

ইংলেণ্ডৰ (England) জেমা ষ্ট'নে (Gemma Stone) অলপতে এটি পুত্ৰৰ জন্ম দিছিল যাৰ বৰফৰ দৰে বগা (Baby snow white hairs) আৰু ঘন চুলিয়ে সকলোকে হতবাক কৰি তুলিছিল। কেঁচুৱাটোৰ চুলি (Baby blonde hairs) দেখি চিকিৎসকো হতবাক হয়।

  • Share this:
এটি নৱজাতকৰ আগমন পিতৃ-মাতৃৰ বাবে এক অনন্য অনুভৱ। এই বিশেষ ক্ষণটো চিৰদিন মনত ৰাখে পিতৃ-মাতৃয়ে। কিন্তু এনেকুৱাও কেতিয়াবা হয় যে পিতৃ-মাতৃয়েই নহয়, চিকিৎসকসকলৰ বাবেও কেতিয়াবা এটি নৱজাতক অতি বিশেষ হৈ পৰে।শেহতীয়াকৈ এটা শিশু জন্ম হোৱাৰ লগে লগে, চিকিৎসালয়ৰ কৰ্মচাৰীসকলে শিশুটিৰ উদ্ভট চুলিয়ে সকলোকে হতবাক কৰি তুলিছিল (Baby with weird hairs)।

ইংলেণ্ডৰ ৱকিংঘামত ৬ অক্টোবৰত আৰ্চী ষ্টোন (Archie Stone) নামৰ কেঁচুৱাটিৰ জন্ম হোৱাৰ লগে লগে সকলো আচৰিত হৈ পৰিল। কণমানি আৰ্চীৰ জন্মতে থকা ঘন চুলিখিনি  বৰফৰ দৰেই শুভ্ৰ (Baby snow white hairs) আছিল। দি ডেইলী ৰেকৰ্ডছৰ বাতৰি অনুসৰি হাস্পতালত যেতিয়া আৰ্চীৰ জন্ম হৈছিল সকলো হতভম্ব হৈ পৰিছিল। সকলোৱে কেঁচুৱাটোক চাবলৈ হেতা-ওপৰা লগাইছিল। আৰ্চীৰ মাক জেমা ষ্টোনে কয় যে আৰ্চীৰ ককায়েক আৰু বায়েকৰ চুলিও জন্মতা বগা আছিল, কিন্তু আৰ্চীৰ দৰে ইমানো বগা নাছিল। হাস্পতালত থকা কেইদিন সকলো ডাক্টৰ-নাৰ্ছেই আৰ্চীক লৈ ব্যস্ত হৈ আছিল। নাৰ্ছসকলে আৰ্চীক লৈ হাস্পতালত ফুৰিছিল।

জেমা আৰু তেওঁৰ স্বামী ঐছৰ জ্যেষ্ঠ পুত্ৰ কায়ৰ বয়স ১০ বছৰ আৰু কন্যা লিলিৰ বয়স ৪ বছৰ। জেমাই কয় যে তিনিওটা সন্তানৰ জন্মৰ সময়ত তেওঁৰ যথেষ্ট এচিডিটি আৰু পেটৰ জ্বলা-পোৰা হৈছিল। গতিকে তেওঁলোকে অনুভৱ কৰে যে এচিডিটিৰ বাবেই তেওঁলোকৰ সন্তানৰ চুলি বগা হৈ গৈছে। এতিয়া এমাই যেতিয়া কণমানি আৰ্চীক ৰাস্তালৈ লৈ যায় অচিনাকি লোকসকলে তেওঁৰ সন্তানৰ ইমান ঘন আৰু বগা বুলি কেনেকৈ হ'ল বুলি আচৰিত হৈ প্ৰশ্ন সুধে। এমাই কয় যে যদি আৰ্চীও তাৰ ভাই-ভনীৰ দৰেই থকে তেন্তে ডাঙৰ হোৱালৈ তাৰ চুলি সোণলী হৈ থাকিব।
Published by:Manjumoni Borah
First published: