বিশ্বত এনে লোক আছে, যিসকল অনে ৰোগত আক্ৰান্ত হয় যে, ৰোগৰ বাবেই হৈ পৰে চৰ্চিত। আজি আমি এনে এগৰাকী মহিলাৰ কথা ক'ব বিচাৰিছো, যাৰ বয়স প্ৰকৃততে ২২ বছৰ। কিন্তু দেখাত ৮ বছৰীয়া এটি শিশুৰ দৰে লাগে। ইয়াৰ ফলত বহুতে তেওঁক হেয় দৃষ্টিৰে চাই আৰু প্ৰতিদিনে নিজৰ শৰীৰকলৈ মানসিক চাপত ভুগিব লগীয়া হয়।
সোণা ৰে'ক যেতিয়া অন্য লোকে দেখে, তেতিয়া ভাবে যে, মাত্ৰ ৮-৯ বছৰীয়া এগৰকী কন্যা। কিন্তু সোণাৰ প্ৰকৃত বয়স ২২ বছৰ। দেখাত বয়সতকৈ বহু সৰু যেন লাগে।
শেহতীয়াকৈ টিএলচিয়ে সোণাৰ ওপৰত এখন ডকুমেণ্টেৰী নিৰ্মাণ কৰিছে। যাৰ বিজ্ঞাপন শেহতীয়াকৈ চৰ্চালৈ আহিছে। আচলতে কিয় শাৰীৰিক ভাবে এনেকুৱা হ'ল সোণা? দৰাচলতে সোণা জন্মৰ ছমাহৰ পিছতে এক ৰেয়াৰ ব্ৰেইন কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। ট্ৰিটমেণ্ট কৰাৰ পিছত কৰ্কট ৰোগক পৰাস্ত কৰিলে যদিও কেমথেৰাপীৰ চাইড এফেক্টৰ বাবে সোণাৰ দেহত পিটুইটেৰী গ্ৰন্থি (Pituitary Gland)-এ কাম নকৰা হৈ পৰে। ফলত দেখাত এনে হৈ পৰে সোণা ৰে'।
সোণাৰ উচ্চতা মাত্ৰ ৩ ফুট ১০ ইঞ্চি। মহিলাৰ দৰে বিকাশ নহল শৰীৰ। এই কথাই বহু দুখ দিয়ে মহিলাগৰাকীক। তেওঁ কোৱা মতে, একাংশই তেওঁক এনেধৰণে উপলুঙা কৰে যে, প্ৰতিটো পুৱাই চিন্তাত পৰে তেওঁ।
Published by: Himangshu Bhuyan
First published: December 18, 2021, 11:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|