এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে বান্ধৱীৰ সৈতে মিলি হত্যা কৰিলে পিতৃক। ছুৰীৰে আঘাত কৰিলে নিৰ্মমভাৱে হত্যা কৰিলে পিতৃক। হত্যাৰ আঁৰৰ কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ। ঘটনাটো ব্ৰাজিলৰ।
ব্ৰাজিলৰ ছাণ্টা কেটৰিনাত আৰক্ষীয়ে এগৰাকী ১২ বছৰীয়া কিশোৰী আৰু তেওঁৰ ১৩ বছৰীয়া বান্ধৱীক গ্ৰেপ্তাৰ কৰিছে। কিশোৰীগৰাকীয়ে ৪৬ বছৰীয়া পিতৃ নিফ লুইচক হত্যা কৰিছে। ৰিপ’ৰ্ট অনুসৰি, এই ঘটনাটো সংঘটিত হয় ১৫ অক্টোবৰত। কিশোৰীগৰাকীৰ পিতৃ আছিল এজন আৰক্ষী বিষয়া। আটাইতকৈ আচৰিত কথাটো হ’ল হত্যাৰ আঁৰৰ কাৰণে সকলোকে আচৰিত কৰি তুলিছে। কিশোৰীগৰাকীয়ে বিখ্যাত হ’বলৈ সংঘটিত কৰে এই হত্যাকাণ্ড। ২০০২ চনত সংঘটিত এটা হত্যাৰ ঘটনাৰ পৰা কিশোৰীগৰাকী অনুপ্ৰেৰিত হৈছিল আৰু সোনকালে বিখ্যাত হ’বলৈ হত্যা কৰে নিজ পিতৃক।
ডেইলী ষ্টাৰৰ ৰিপ’ৰ্ট মতে, ২০ বছৰ পূৰ্বে ব্ৰাজিলৰ বাসিন্দা ছুজেনে (Suzane Louise von Richthofen) নিজৰ পিতৃ–মাতৃক হত্যা কৰিছিল। সেই সময়ত সেই ছোৱালীজনীয়ে স্কুলত পঢ়ি আছিল। ছুজেনে নিজৰ বন্ধু আৰু প্ৰেমিকৰ সহায়ত সংঘটিত কৰিছিল হত্যাকাণ্ড। ১২ বছৰীয়া কিশোৰীগৰাকীয়ে যেতিয়া ছুজেনৰ এই ঘটনাৰ বিষয়ে শুনিছিল তেতিয়া সিদ্ধান্ত লৈছিল যে তায়ো ছুজেনৰ দৰেই বিখ্যাত হ’ব বিচাৰে যিয়ে পিতৃ–মাতৃক হত্যা কৰাৰ পিছত কাৰাবাস খাটিবলগীয়া হৈছিল।
কিশোৰীগৰাকীয়ে ১৩ বছৰীয়া বান্ধৱীৰ সৈতে পিতৃৰ ডিঙিত ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰে। দুয়োগৰাকী কিশোৰীক বৰ্তমান কাৰাগাৰত ৰখা হৈছে আৰু ঘটনাৰ তদন্ত চলি আছে। ছুজেনৰ দৰে এই কিশোৰী দুগৰাকীয়েও এতিয়া নিজৰ দোষ স্বীকাৰ কৰিছে যদিও কোনো অনুশোচনা নাই। তেওঁলোকে কেৱল বিখ্যাত হোৱাৰ কথাহে চিন্তা কৰিছিল।