লণ্ডনত মনে মনে ভাৰত–অষ্ট্ৰেলিয়াৰ খেল চাইছে এগৰাকী সুৰা ব্যৱসায়ীয়ে!

পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া দেওবাৰে ক্ৰিকেট বিশ্বকাপৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচখন চাবলৈ পুত্ৰ সহ লণ্ডনৰ অ’ভেলত উপস্থিত হয়।

news18assam
Updated:June 9, 2019, 9:05 PM IST
লণ্ডনত মনে মনে ভাৰত–অষ্ট্ৰেলিয়াৰ খেল চাইছে এগৰাকী সুৰা ব্যৱসায়ীয়ে!
পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়া দেওবাৰে ক্ৰিকেট বিশ্বকাপৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচখন চাবলৈ পুত্ৰ সহ লণ্ডনৰ অ’ভেলত উপস্থিত হয়।
news18assam
Updated: June 9, 2019, 9:05 PM IST
দেওবাৰে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপত নিজৰ দ্বিতীয়খন মেচ খেলি থকাৰ সময়তে খেলপথাৰত প্ৰত্যক্ষ কৰা হ’ল ভাৰতৰ এগৰাকী সুৰা ব্যৱসায়ীক।মেচ চাবলৈ লণ্ডনৰ ষ্টেডিয়ামত উপস্থিত পলাতক নিজ পুত্ৰ সহ সুৰা ব্যৱসায়ী বিজয় মালিয়া।খেলখন চাবলৈ যোৱা সময়ত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মালিয়াই কয়- ‘মই খেল চাবলৈ আহিছো। ইয়াত আৰু বেলেগ কথা নাই’। ঋণ লোৱা ধন পৰিশোধ নকৰি এতিয়া ইংলেণ্ডত আত্মগোপন কৰি আছে এইগৰাকী কুখ্যাত সুৰা ব্যৱসায়ীয়ে।



উল্লেখ্য যে, সুৰা ব্যৱসায়ীজনৰ বিৰুদ্ধে কেইবাটাও বেংকৰ পৰা ঋণ লৈ ভাৰতৰ পৰা পলাই যোৱা সন্দৰ্ভত গোচৰ ৰুজু হৈ আছে। কিছুদিন পূৰ্বে পলাতক সুৰা ব্যৱসায়ীজনে প্ৰত্যাৰ্পণৰ বাবে লণ্ডনৰ ন্যায়ালয়ত আৱেদন কৰিছিল যদিও, এই আৱেদন খাৰিজ কৰি দিয়া হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি