ভাৰতীয় সেনাৰ গুলীত নিহত ২ পাক সেনা, বগা পতাকা দেখুৱাই মৃতদেহ লৈ গ’ল পাকিস্তানী সেনাই, চাওক ভিডিঅ’

News18-Assam
Updated:September 15, 2019, 8:50 AM IST
ভাৰতীয় সেনাৰ গুলীত নিহত ২ পাক সেনা, বগা পতাকা দেখুৱাই মৃতদেহ লৈ গ’ল পাকিস্তানী সেনাই, চাওক ভিডিঅ’
পাকিস্তানী সেনাই দুদিন ধৰি নিজৰ সেনা জোৱান দুজনৰ মৃতদেহ নিয়াৰ চেষ্টা কৰিছিল, কিন্তু সফল হ’ব পৰা নাছিল।

পাকিস্তানী সেনাই দুদিন ধৰি নিজৰ সেনা জোৱান দুজনৰ মৃতদেহ নিয়াৰ চেষ্টা কৰিছিল, কিন্তু সফল হ’ব পৰা নাছিল।

  • News18 Assam
  • Last Updated: September 15, 2019, 8:50 AM IST
  • Share this:
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা দিনক দিনে অধিক শংকিত হৈ পৰিছে পাকিস্তান। শংকিত পাকিস্তানে কিছুদিন ধৰি ধাৰাবাহিকভাৱে উলংঘা কৰিছে যুদ্ধবিৰতি চুক্তি। পাকিস্তানৰ এই কৰ্মকাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতেও। ১০ আৰু ১১ ছেপ্টেম্বৰত ভাৰতীয় সেনাৰ গুলীত নিহত হয় পাকিস্তানৰ দুই সেনা জোৱান। দুই পক্ষৰ সংঘৰ্ষৰ এসপ্তাহ পিছত PoKৰ হাজীপুৰ ছেক্টৰৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত পাকিস্তানী সেনাই বগা পতাকা দেখুৱাই নিজৰ জোৱানৰ মৃতদেহ লৈ যোৱা দেখা গৈছে।

ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি, ১০–১১ ছেপ্টেম্বৰত নিৰাপত্তাৰক্ষীয়ে হাজীপুৰ ছেক্টৰত ছিপাহী গোলাম ৰছুলৰ মৃত্যু হৈছিল। ৰছুল পাকিস্তানৰ পঞ্জাব প্ৰান্তৰ বাসিন্দা। পাকিস্তানী সেনাই যেতিয়া তেওঁৰ মৃতদেহ নিয়াৰ চেষ্টা কৰিছিল তেতিয়াই ভাৰতীয় সেনাৰ গুলীত আৰু এজনৰ মৃত্যু হৈছিল।

পাকিস্তানী সেনাই দুদিন ধৰি নিজৰ সেনা জোৱান দুজনৰ মৃতদেহ নিয়াৰ চেষ্টা কৰিছিল, কিন্তু সফল হ’ব পৰা নাছিল। ১৩ ছেপ্টেম্বৰত পাকিস্তানী সেনাই বগা পতাকা প্ৰদৰ্শন কৰি সৈনিকৰ মৃতদেহ লৈ যায়। ভাৰতীয় সেনাই বগা পতাকাক সন্মান জনাই মৃতদেহ লৈ যোৱাৰ অনুমতি দিয়ে।





 NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: September 15, 2019, 8:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading