‘ভুলতে’ বিমান ভূপতিত কৰিছিল ইৰাণে! মিছাইলেৰে ১৭৬জন যাত্ৰীৰ বিমান ভূপতিত কৰাৰ VIDEO

News18 Assam | News18-Assam
Updated:January 11, 2020, 3:41 PM IST
‘ভুলতে’ বিমান ভূপতিত কৰিছিল ইৰাণে! মিছাইলেৰে ১৭৬জন যাত্ৰীৰ বিমান ভূপতিত কৰাৰ VIDEO

  • Share this:
ইউক্ৰেইনৰ বিমান বয়িং ৭৩৭–৮০০–এ তেহৰাণ বিমানবন্দৰৰ পৰা মঙলবাৰে পুৱা ৬বাজি ১৩মিনিটত উৰা মাৰিছিল, কিন্তু প্ৰায় ২–৩মিনিটৰ ভিতৰতে বিমানখন ভূপতিত হয়। প্ৰথমে অস্বীকাৰ কৰিলেও শেহতীয়াকৈ ইৰাণে মানি লৈছে যে ‘ভুলতে’ মিছাইল নিক্ষেপ কৰি বিমানখন ভূপতিত কৰিলে দেশখনে!

১৭৬জন নিৰীহ যাত্ৰীক হত্যা কৰাৰ পিছত এয়া সামান্য ‘মানৱ ভুল’ আখ্যা দিছে ইৰাণে। দেশখনে নিক্ষেপ কৰা মিছাইলে ইউক্ৰেইনৰ বিমানখনত আঘাত কৰি ভূপতিত কৰাৰ ফলত আটাইকেইজন দুৰ্ভগীয়া যাত্ৰীৰ মৃত্যু হয়। আমেৰিকাই ড্ৰ’ণ আক্ৰমণেৰে ইৰাণৰ সেনাধ্যক্ষক হত্যা কৰাৰ পিছত প্ৰতিশোধ ল’বলৈ বাগদাদৰ আমেৰিকাৰ সেনাৰ শিবিৰলৈ কেইবাটাও মিছাইল নিক্ষেপ কৰিছিল ইৰাণে। এই মিছাইলৰ লক্ষ্যলৈ আহে ইউক্ৰেইনৰ এখন যাত্ৰীবাহী বিমান আৰু বিমানখন ধৰাশায়ী হোৱাৰ ফলত বিমানৰ ১৭৬জন আৰোহীৰে মৃত্যু হয়। সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰা এই কাণ্ডক ইৰাণৰ ৰাষ্ট্ৰীয় টেলিভিজনত ‘মানৱীয় ভুল’ আখ্যা দিয়া হৈছে। ইৰাণে ‘অনিচ্ছাকৃতভাৱে’ ইউক্ৰেইনৰ বিমানখন ধৰাশায়ী কৰাৰ কথা ৰাষ্ট্ৰীয় টেলিভিজনত সম্প্ৰচাৰ কৰিছে!

ভূপতিত বিমানখন


পোহৰলৈ চাঞ্চল্যকৰ ভিডিওঃ

এই দুৰ্ঘটনাক লৈ এক চাঞ্চল্যকৰ ভিডিও পোহৰলৈ আহিছে। আমেৰিকাৰ দুটা মিডিয়া গ্ৰুপ ‘চিএনএন’ আৰু ‘নিউয়ৰ্ক টাইমছ’লৈ ইৰাণৰ পৰা নাৰিমন গাৰিব নামৰ এজন ব্যক্তিয়ে এই ভিডিও প্ৰেৰণ কৰিছে। এই ভিডিওত দেখা গৈছে সমগ্ৰ আকাশ পোহৰেৰে চমকি উঠিছে। হঠাৎ বিস্ফোৰণ। এই ভিডিওত এটা বহুমহলীয়া ভৱনো দেখা গৈছে। এই বিল্ডিঙটো তেহৰাণৰ পাৰন্দ এলেকাত আছে। দাবী কৰা হৈছে যে, ইৰাণে ভুলতে এই বিমানখনলৈ মিছাইল নিক্ষেপ কৰিছিল। সমগ্ৰ বিশ্বত এই ভিডিওটো লৈ চৰ্চা চলিছে।



আমেৰিকাৰ দাবী

আমেৰিকাই ধাৰণা কৰিছিল যে ইৰাণে ভুলতে ইউক্ৰেইনৰ ফ্লাইটখন ভূপতিত কৰে। আমেৰিকাৰ বিষয়াসকলে একেৰাহে এই ঘটনাক্ৰমক লৈ ছেটেলাইট, ৰাডাৰ আৰু ইলেকট্ৰ’নিক ডাটাৰ বিশ্লেষণ কৰি আছে। আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে ইউক্ৰেইনৰ বিমানখন ইৰাণৰ এক এণ্টি এয়াৰক্ৰাফট মিছাইলে ভূপতিত কৰিছিল। সূত্ৰমতে বাগদাদত ইৰাণৰ মিছাইল আক্ৰমণৰ পিছত ইৰাণৰ এণ্টি এয়াৰক্ৰাফট চিষ্টেম হয়তো সক্ৰিয় আছিল।

কানাডা আৰু ব্ৰিটেইনেও কৰিছিল সন্দেহ

কানাডা আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছিল যে ইৰাণে ভুলতে এই বিমানখন ধৰাশায়ী কৰে। নিউজ এজেন্সী এএফপিৰ মতে, ইউক্ৰেইনৰ এজন মন্ত্ৰীয়ে ইৰাণত ইউক্ৰেইনৰ বিমান দুৰ্ঘটনাৰ তদন্তত ৰাষ্ট্ৰসংঘৰ বিনাচৰ্তৰ সমৰ্থন বিচাৰিছে।

বয়িং ৭৩৭–৮০০বিমানখন অতি সুৰক্ষিত আৰু পায়লটো যথেষ্ট অভিজ্ঞতাসম্পন্ন আছিল।দুয়োজন পাইলটৰে ১১হাজাৰ ঘণ্টাৰো অধিক সময় উৰণৰ অভিজ্ঞতা আছে। ২০১৬চনত নিৰ্মাণ হোৱা বিমানখন সোমবাৰেই মেইনটেনেন্স কৰা হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি