ভিডিঅ'টোত চিৰিয়াখানা (zoo)ত এটা ওৰাংওটানে (Orangutan) এজন লোকৰ টি ছাৰ্টত ধৰি মানুহজনক প্ৰায় গবা মাৰি ধৰিছে। একো কৰিয়ে মানুহজনে তাৰ কব্জাৰ পৰা ওলাব পৰা নাই। আন এজন লোক সহায়ৰ বাবে আহিছে যদিও ওৰাংওটানটোৱে তেওঁকো আক্ৰমণ কৰি খেদিছে।
অৱশ্যে ভিডিঅ'টো দেখালৈকে ওৰাংওটানটোৱে কোনোধৰণৰ হানি নকৰিলে মানুহজনৰ। কিন্তু এই দৃশ্য সঁচাকৈয়ে শিহৰণকাৰী। ইণ্ডোনেছিয়া (Indonesia)ৰ এখন চিৰিয়াখানাত সংঘটিত হৈছে এই ঘটনা।