ফাঁচিৰ পূৰ্বে মৃত্যু হ’লে ৩ দিনলৈ ৰাজপথত ওলমাই ৰখা হওক পাৰভেজ মুছাৰফৰ মৃতদেহ – আদালতৰ নিৰ্দেশ

News18 Assam | News18-Assam
Updated:December 20, 2019, 7:35 AM IST
ফাঁচিৰ পূৰ্বে মৃত্যু হ’লে ৩ দিনলৈ ৰাজপথত ওলমাই ৰখা হওক পাৰভেজ মুছাৰফৰ মৃতদেহ – আদালতৰ নিৰ্দেশ
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।

NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।

  • Share this:
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সেনা প্ৰধান পাৰভেজ মুছাৰফক বিশেষ আদালতে সংবিধান অমান্যৰ বাবে দেশদ্ৰোহৰ গোচৰত মঙলবাৰে মৃত্যুদণ্ড বিহিছে। মুছাৰফক মৃত্যুদণ্ড বিহা বিশেষ আদালতে লিখিছে ১৬৭ পৃষ্ঠাৰ সিদ্ধান্ত।

ৰিপ’ৰ্ট অনুসৰি, এই ১৬৭ পৃষ্ঠাজোৰা সিদ্ধান্তত লিখা হৈছে যে যদি শাস্তিৰ পূৰ্বে পাৰভেজ মুছাৰফৰ মৃত্যু হয় তেন্তে তেওঁৰ মৃতদেহ ইছলামাবাদৰ কে ডি চ’কত তিনিদিনৰ বাবে ওলমাই ৰখা হ’ব।

পাকিস্তান টুডেত বিস্তাৰিতভাৱে প্ৰকাশিত এই সিদ্ধান্ত সন্দৰ্ভত লিখা হৈছে যে সেই সময়ৰ ক’ৰ কমাণ্ডাৰ কমিটীৰ সকলো বিষয়া আৰু সকলো সময়ত, সকলো ঠাইত মুছাৰফৰ নিৰাপত্তাত থকাসকলো সম্পূৰ্ণৰূপে মুছাৰফৰ কাৰ্যৰ সৈতে জড়িত।

সিদ্ধান্তত কোৱা হৈছে যে অভিযোগ অনুসৰি তেওঁ দোষী সাব্যস্ত হৈছে। ইয়াৰ বাবে দোষীক মৃত্যুদণ্ড বিহা হৈছে। মুছাৰফ যিমানবোৰ গোচৰত দোষী সাব্যস্ত হৈছে, তেওঁক অন্তিম নিশ্বাসলৈ সিমানবাৰ ফাঁচিকাঠত ওলমোৱা হ’ব।

সিদ্ধান্তত লিখা হৈছে – ‘আমি আইন প্ৰৱৰ্তন এজেন্সীক নিৰ্দেশ দিছো যে দোষীক গ্ৰেপ্তাৰ কৰাৰ বাবে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰক আৰু আইন অনুসৰি দিয়া শাস্তি সুনিশ্চিত কৰক। যদি তেওঁৰ মৃত্যু হয় তেন্তে তেওঁৰ মৃতদেহ ইছলামাবাদৰ কে ডি চ’কত তিনিদিনৰ বাবে ওলমাই ৰখা হওক।’

আনহাতে, অসুস্থ হৈ থকা পাকিস্তানৰ প্ৰাক্তন সেনা প্ৰধান মুছাৰফে কয় যে দেশদ্ৰোহৰ গোচৰত আদালতে ঘোষণা কৰা মৃত্যুদণ্ড ‘নিজা প্ৰতিশোধ’ৰ ওপৰত আধাৰিত। এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে পাকিস্তানৰ সেনাই। মুছাৰফৰ বিৰুদ্ধে সংবিধান অমান্য কৰি ২০০৭ চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ অভিযোগ। ২০১৩ চনৰ পৰা বিচাৰাধীন হৈ আছিল এই গোচৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading