চীন দেশৰ অৰ্থনৈতিক আগ্ৰাসন প্ৰতিহত কৰাত এক প্ৰকাৰ ব্যৰ্থ হৈছে ভাৰত । উৎসৱৰ সময়ত বিশেষকৈ দীপাৱালীৰ দিন কেইটাত চীনা সামগ্ৰীৰ ভাৰতত চাহিদা দেখিলে আত্মনিৰ্ভৰশীল ভাৰতৰ নীতি কেৱল শ্লোগানতে সীমিত হৈ থকা যেন লাগে ।
দীপাৱালীৰ সময়ত২,৬৪, ৩৮৫কোটি টকাৰ চীনত নিৰ্মিত সামগ্ৰী ভাৰতৰ বজাৰৰ প্ৰতিটো স্তৰত সোমায় পৰিছে । ইয়াৰে সৰ্বাধিক চাহিদা সৌন্দৰ্য বর্ধক LED Lightৰ । দীপাৱালীৰ সময়ত যুদ্ধজয়ী ভগৱান ৰামক স্বাগতম জনাবলৈ আমি চৌপাশ পোহৰাই তোলা LED light সমূহৰ সৰ্বাধিক চীন দেশত নিৰ্মিত । ২০২২চনত এতিয়ালৈ ৫,৮৭৪ কোটি টকাৰ LED light ভাৰতৰ বজাৰত বিক্ৰী হৈছে । বেইজিঙৰ প্ৰকাশিত Global Timesত প্ৰকাশ পাইছে এই সমূহ তথ্য ।
চীন দেশৰ পৰা প্ৰকাশিত ইংৰাজী বাতৰি কাকতখনত উল্লেখ কৰা মতে চীনা কোম্পানী সমূহে ভাৰতীয় বিক্ৰেতাৰ অৰ্ডাৰ পুৰণ কৰিবলৈ অতিৰিক্ত কাম কৰিবলগীয়া হৈছে । পূব চীনৰ ঝেজাং ৰাজ্যৰ Lulin Light Declaration নামৰ প্ৰতিষ্ঠানটোৰ এগৰাকী কৰ্মচাৰীয়ে বাতৰিকাকতখনত কোৱা মতে ভাৰতৰ পৰা এপ্ৰিলৰ পৰাই অৰ্ডাৰ আহিবলৈ আৰম্ভ কৰে । কৰ্মচাৰী গৰাকীৰ উদ্ধৃতি দি বাতৰিকাকতখনত উল্লেখ কৰা মতে ভাৰতত চাকি আকাৰৰ LED lightৰ সৰ্বাধিক চাহিদা । অন্যহাতেদি China Chambers of Commerce for Import and Export of Machinery and Electronic Products সদৰী কৰা তথ্য মতে LED lightৰ যোৱা বছৰতকৈ ১৩৫শতাংশ ৰপ্তানি বৃদ্ধি পাইছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|