
২০১৭ বৰ্ষত বৈষ্ণো দেৱী মন্দিৰে খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰণালয়ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল।
২০১৭ বৰ্ষত বৈষ্ণো দেৱী মন্দিৰে খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰণালয়ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল।
জম্মু–কাশ্মীৰৰ ৰিয়াছী জিলাৰ ত্ৰিকূট পাহাৰত অৱস্থিত প্ৰসিদ্ধ মাতা বৈষ্ণো দেৱী মন্দিৰক দেশৰ ভিতৰতে ‘সৰ্বশ্ৰেষ্ঠ পৰিষ্কাৰ স্থান’ হিচাপে ঘোষণা কৰা হৈছে। জলশক্তি মন্ত্ৰণালয়, খোৱাপানী আৰু স্বচ্ছতা বিভাগে মঙলবাৰে দেশৰ পৰিষ্কাৰ স্থানৰ তালিকা ঘোষণা কৰিছে। শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব’ৰ্ডৰ মুখপাত্ৰই জনোৱা অনুসৰি ‘স্বচ্ছ মহোৎসৱ’ত প্ৰদান কৰা হ’ব এই পুৰস্কাৰ।
মুখপাত্ৰগৰাকীয়ে জনায় যে ১৩০০ চাফাই কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ ফলতে এই তীৰ্থস্থানখনে দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ পৰিষ্কাৰ স্থান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ২০১৭ বৰ্ষত বৈষ্ণো দেৱী মন্দিৰে খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰণালয়ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল। ২০১৭ চনত পঞ্জাবৰ স্বৰ্ণ মন্দিৰ এই তালিকাৰ প্ৰথম স্থানত আছিল। ৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বৈষ্ণো দেৱী মন্দিৰৰ এই কৃতিত্বৰ বাবে পুৰস্কৃত কৰিব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|