• Home
  • »
  • News
  • »
  • world
  • »
  • নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনে ১৭ লাখ মাৰ্কিন ডলাৰত চীনৰ পৰা কিনিলে হেলিকপ্টাৰ!

নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনে ১৭ লাখ মাৰ্কিন ডলাৰত চীনৰ পৰা কিনিলে হেলিকপ্টাৰ!

১৭ লাখ মাৰ্কিন ডলাৰৰ ভিতৰত কিনিছে চাৰিখন আসনযুক্ত হেলিকপ্টাৰ৷ তাতে মধ্যস্থতা কৰি দিছে অসমৰ এজন বিদ্ৰোহীয়ে৷

১৭ লাখ মাৰ্কিন ডলাৰৰ ভিতৰত কিনিছে চাৰিখন আসনযুক্ত হেলিকপ্টাৰ৷ তাতে মধ্যস্থতা কৰি দিছে অসমৰ এজন বিদ্ৰোহীয়ে৷

১৭ লাখ মাৰ্কিন ডলাৰৰ ভিতৰত কিনিছে চাৰিখন আসনযুক্ত হেলিকপ্টাৰ৷ তাতে মধ্যস্থতা কৰি দিছে অসমৰ এজন বিদ্ৰোহীয়ে৷

  • Share this:
এখন হেলিকপ্টাৰ৷ কিনিছে এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনে৷ এয়া নিশ্চয় এটা খবৰ৷ ক'ৰ পৰা কেতিয়া কিনিলে, সেয়া ৰহস্য৷ ৰহস্য ভেদ কৰি ৰাইজক খবৰ দিয়াটো আমাৰ কাম৷ এসময়ত লিবাৰেশ্যন টাইগাৰ্ছ অৱ তামিল ইলম (LTTE)য়ে কিনিছিল যুদ্ধ বিমান৷ ব্যৱহাৰ কৰিছিল ছাব-মেৰিন৷

LTTEৰ পিছত Western South East Asiaত প্ৰথমবাৰৰ বাবে এখন হেলিকপ্টাৰ কিনিছে এটা নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনে৷ ১৭ লাখ মাৰ্কিন ডলাৰৰ ভিতৰত কিনিছে চাৰিখন আসনযুক্ত হেলিকপ্টাৰ৷ তাতে মধ্যস্থতা কৰি দিছে অসমৰ এজন বিদ্ৰোহীয়ে৷



UWSA, ম্যানমাৰৰ আটাইতকৈ বৃহৎ সশস্ত্ৰ বিদ্ৰোহী সংগঠন৷ ইউনাইটেড ৱা ষ্টেট আৰ্মী (UWSA)৷ প্ৰায় ত্ৰিশ হাজাৰ সৈনিকেৰে শক্তিমান এই UWSAয়ে কিনিছে এই হেলিকপ্টাৰ৷
কিমান টকাত আৰু ক'ৰ পৰা কিনিলে সেই কথা কিন্তু সদৰি কৰা নাই UWSAয়ে৷ কেৱল স্বীকাৰ কৰিছে যে সংগঠনটোৱে হেলিকপ্টাৰ কিনিছে৷



এই সন্দৰ্ভত UWSAৰ তদাৰকী বিষয়া ইউ য়ি ৰাঙে ক'লে, “ইতিমধ্যে আমি হেলিকপ্টাৰখন ব্যৱহাৰ কৰিছো৷ কিন্তু চাৰিখন আসনযুক্ত হেলিকপ্টাৰখন আমি ব্যক্তিগত কামতহে ব্যৱহাৰ কৰিম৷ ইয়াক সামৰিক কামত ব্যৱহাৰ কৰা নহয়৷”



আন এক বিদ্ৰোহী সংগঠনৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, চীনৰ পৰা UWSAয়ে কিনিছে এই হেলিকপ্টাৰখন৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰত ক্ৰয় কৰা হেলিকপ্টাৰখন ইতিমধ্যে UWSAক হস্তান্তৰ কৰা হৈছে আৰু সংগঠনটোৱে ব্যৱহাৰ কৰিছে৷
Published by:Sanjay Kumar Das
First published: