মাৰ্কিন যুক্তৰাষ্ট্ৰৰ Secretary of State মাইক পম্পিয়ৰ বৃহৎ স্বীকাৰোক্তি। যি সময়ত বিভিন্ন মহলত চীন দেশে নিজ প্ৰয়োগশালাত বিধ্বংসী কোৰোনা ভাইৰাছৰ জন্ম দিয়াৰ চৰ্চা চলি আছে, সেই সময়তে আমেৰিকাই এই সন্দেহত মাৰিছে মোহৰ। আমেৰিকাৰ Secretary of State মাইক পম্পিয়ই মাৰ্কিন সংবাদ প্ৰতিষ্ঠান Fox Newsত দিয়া এক সাক্ষাৎকাৰত এই কথা সদৰি কৰিছে।
তেওঁ কৈছে – চীনৰ য়ুহানৰ প্ৰয়োগশালাত সংক্ৰমণ ঘটাব পৰা উপাদানৰ জন্ম দিয়া হৈছিল। আমেৰিকা এই বিষয়ে অৱগত আছিল বুলিও মন্তব্য কৰে তেওঁ। চীনে অতি সংগোপনে এই কাম চলাই নিছিল বুলিও অভিযোগ উত্থাপন কৰে তেওঁ। তেওঁ লগতে কয় – বহু দেশে এনেধৰণৰ গৱেষণাত মনোনিবেশ কৰে; আৰু যি দেশে স্বচ্ছতাৰে এনে কাম কৰে তেনে দেশে এনে উপাদানক সুৰক্ষিত কৰি ৰাখিব পাৰে। তেনে দেশে বহিঃ ৰাষ্ট্ৰৰ observer বোৰকো প্ৰয়োগশালালৈ আমন্ত্ৰণ কৰে। চীনে তাকে নকৰিলে।
Secretary of State গৰাকীয়ে লগতে কয় আমেৰিকাই তদন্ত কৰি আছে। কেনেকৈ ভাইৰাছটো প্ৰয়োগশালাৰ বাহিৰলৈ আহিল আৰু সমগ্ৰ বিশ্বত বিয়পি পৰিল যাৰ ফলত বহু লোকে মৃত্যুক সাবটি লবলগীয়া হ’ল – এই সকলোবোৰৰ তদন্ত চলি আছে। মাৰ্কিন Secretary of State ভাৰতত বিদেশ মন্ত্ৰীৰ সমকক্ষ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 17, 2020, 08:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|