• Home
  • »
  • News
  • »
  • world
  • »
  • চিকিৎসাৰ বাবে যোৱা যুৱতীয়ে কামুৰিলে চিকিৎসকক, কাৰণ জানিলে আচৰিত হ'ব আপুনি!

চিকিৎসাৰ বাবে যোৱা যুৱতীয়ে কামুৰিলে চিকিৎসকক, কাৰণ জানিলে আচৰিত হ'ব আপুনি!

এগৰাকী মহিলাই বৰ্ণনা কৰিলে নিজৰ এক তিক্ত অভিজ্ঞতা...

এগৰাকী মহিলাই বৰ্ণনা কৰিলে নিজৰ এক তিক্ত অভিজ্ঞতা...

এগৰাকী মহিলাই বৰ্ণনা কৰিলে নিজৰ এক তিক্ত অভিজ্ঞতা...

  • Share this:
দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাৰ কথা ক'লেই একাংশই মনলৈ আহে শংকা! বহুতে দন্ত চিকিৎসা অত্যন্ত কষ্টকৰ বুলি কোৱাও শুনিবলৈ পোৱা যায়। ৰুট কেনেল, দাঁত পৰিষ্কাৰ কৰা এনে কিছু প্ৰক্ৰিয়া ,য'ত আপুনি অপৰিসীম বিষ আৰু নিশা দুঃস্বপ্নৰ সন্মুখীন হ'বলগীয়া হয়।

UNILADৰ মতে,  উত্তৰ কেলিফৰ্ণিয়াৰ ২৯ বছৰীয়া চেলচি নামৰ এগৰাকী যুৱতীয়ে যোৱা ২০ ফেব্ৰুৱাৰীত টুইটাৰৰ জৰিয়তে বৰ্ণনা কৰিছে এক তিক্ত অভিজ্ঞতা। প্ৰায় এটা দশক পূৰ্বে দন্ত চিকিৎসকৰ ওচৰলৈ যাওতে তেওঁ সন্মুখীন হোৱা অভিজ্ঞতা শ্বেয়াৰ কৰিছিল ।

চেলচিয়ে শ্বেয়াৰ কৰা কাহিনীটো সেই সময়ত সংঘটিত হৈছিল, যেতিয়া তেওঁৰ বয়স ১৯ বছৰ আছিল। যদিও সময় বাগৰিছে, তথাপিও তেওঁ পাহৰিব পৰা নাই সেই ঘটনা। তেওঁৰ দাঁতত এটা ইমাৰ্জেন্সী ৰুট কেনেল লগোৱা আছিল। গতিকে পেশীৰ সকাহৰ বাবে ভলিয়োম দিয়া হৈছিল।


পিছত ঔষধ চিকিৎসকে তেওঁৰ মাতৃৰ হাতত অৰ্পণ কৰিছিল। আৰু চেলচিক ঔষধৰ আধাভাগ দিবলৈ কোৱা হৈছিল। কিন্তু চেলচিৰ মাকে সম্পূৰ্ণ ঔষধ দি দিয়াৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটিছিল যুৱতীগৰাকীৰ। আৰু লগে লগে চেলচিক পুনৰ চিকিৎসালয়লৈ লৈ গৈছিল।

টুইটাৰত চেলচিয়ে ব্যাখ্যা কৰিছিল যে, মাকে ক্লিনিকলৈ লৈ যোৱাৰ পিছতে ভাবিব নোৱাৰা ঘটনা সংঘটিত হৈছিল।  চকীত বহিয়েই বমি কৰিছিল চেলচিয়ে।  চিকিৎসকৰ শৰীৰতো পৰিছিল বমি। আনকি  চিকিৎসাৰ বাবে চিকিৎসকগৰাকীয়ে মুখ খুলিবলৈ চেষ্টা কৰোতেই চেলচীয়ে কামুৰি দিছিল চিকিৎসকক।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি