‘মৃত্যুৰ পিছতো ভাল পাব বিচাৰো তোমাক’! মৃত্যুৰ পূৰ্বে পত্নীলৈ শেষ চিঠি কোৰোণাত আক্ৰান্ত যুৱকৰ!

News18 Assam | News18-Assam
Updated:April 26, 2020, 10:18 AM IST
‘মৃত্যুৰ পিছতো ভাল পাব বিচাৰো তোমাক’! মৃত্যুৰ পূৰ্বে পত্নীলৈ শেষ চিঠি কোৰোণাত আক্ৰান্ত যুৱকৰ!
মৃত্যুৰ পূৰ্বে পত্নীৰ বাবে যুৱকজনে লিখি থৈ গৈছিল এটা নোট।

মৃত্যুৰ পূৰ্বে পত্নীৰ বাবে যুৱকজনে লিখি থৈ গৈছিল এটা নোট।

  • Share this:
কোৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে বিভীষিকাৰ। কাঢ়ি নিছে হাজাৰ হাজাৰ লোকৰ প্ৰাণ। কোৰোণাত আক্ৰান্ত হৈ আমেৰিকাৰ এজন ৩২ বছৰীয়া যুৱকৰ মৃত্যু হৈছে। এমাহ ধৰি কোৰোণাৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে যুৱকজনে। মৃত্যুৰ খবৰ পত্নীক জনোৱা হ’ল।

স্বামীক অন্তিমবাৰলৈ দেখা কৰিবলৈ হাস্পতাল পালেগৈ পত্নী। দূৰৈৰ পৰাই শেষবাৰলৈ চাই ৰ’ল নিজৰ মানুহজনৰ মুখলৈ। মৃত যুৱকজনৰ আছে দুই কণমানি সন্তান। মৃত্যুৰ পিছত হাস্পতাল কৰ্তৃপক্ষই যুৱকজনৰ ফোনটো চমজাই দিয়ে পত্নীক। ফোন খুলিয়ে এক মৰ্মান্তিক নোট দেখিলে পত্নীয়ে। মৃত্যুৰ পূৰ্বে পত্নীৰ বাবে যুৱকজনে লিখি থৈ গৈছিল এটা নোট।

নোটত যুৱকজনে পত্নীলৈ লিখিছিল, ‘মোৰ জীৱনৰ আটাইতকৈ ভাল পত্নী তুমি। তুমি অবিহনে মোৰ জীৱন পূৰ্ণ নহ’লহেঁতেন। মই এজন গৰ্বিত পিতৃ। মোক সকলো দিছা তুমি। মৃত্যুৰ পিছতো তোমাৰ ভাল পাই থাকিব বিচাৰো।’ এই নোট পঢ়ি আবেগিক হৈ পৰিল পত্নী। টুইটাৰত এই নোট শ্বেয়াৰ কৰিছে পত্নীয়ে।



আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading