জুম ভিডিঅ' কল বন্ধ নকৰি বিদ্যালয়ৰ পৰা বৰ্খাস্ত হ'ল শিক্ষয়িত্ৰী

বৰ্ণবিদ্বেষী মন্তব্য কৰি নিজৰ পদ হেৰুৱালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষয়িত্ৰীয়ে।
বৰ্ণবিদ্বেষী মন্তব্য কৰি নিজৰ পদ হেৰুৱালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষয়িত্ৰীয়ে।
- News18 Assam
- Last Updated: April 3, 2021, 12:44 AM IST
ছেচন শেষ হোৱাৰ পিছতো শিক্ষয়িত্ৰীগৰাকীয়ে জুম কল বন্ধ কৰিবলৈ পাহৰি গৈছিল আৰু তেনে সময়তে শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ প্ৰতি বৰ্ণবিদ্বেষী তীব্ৰ বাক্যবাণ প্ৰয়োগ কৰিছিল। এই ঘটনাতো জানুৱাৰীত সংঘটিত হৈছিল যেতিয়া শিক্ষয়িত্ৰী কিম্বাৰ্লী নিউমেনে এগৰাকী কৃষ্ণাংগ শিক্ষাৰ্থীক সহায় কৰিবলৈ আগবাঢ়ি আহি পাঠ শেষ কৰি জুম কলটো বন্ধ কৰা বুলি ভাবি শিক্ষাৰ্থীগৰাকীৰ কৃষ্ণাংগ পৰিয়ালটোক প্ৰায় আধা ঘণ্টা সময় বৰ্ণবিদ্বেষী মন্তব্যৰে থকা-সৰকা কৰিছিল।
কিম্বাৰ্লি নামৰ শ্বেতাংগ শিক্ষয়িত্ৰীগৰাকীয়ে কৃষ্ণাংগ শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালটোক কৰা সকলো তৰল আৰু কটু মন্তব্য জুম ভিডিঅ’ কলত ৰেকৰ্ডিং হৈ থাকে আৰু এতিয়া সেই ঘটনা পোহৰলৈ অহাৰ পিছত শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বিদ্যালয় কৰ্তৃপক্ষ বাধ্য হয়।