• Home
  • »
  • News
  • »
  • world
  • »
  • US-Taiwan Conflict: চীন–আমেৰিকাৰ জটিল সংঘাত! টাইৱানৰ আকাশী সীমাত প্ৰৱেশ চীনৰ ২০খনৰো অধিক যুঁজাৰু বিমান

US-Taiwan Conflict: চীন–আমেৰিকাৰ জটিল সংঘাত! টাইৱানৰ আকাশী সীমাত প্ৰৱেশ চীনৰ ২০খনৰো অধিক যুঁজাৰু বিমান

বিগত ২৫ বছৰত টাইৱান ভ্ৰমণলৈ অহা নিৰ্বাচিত মাৰ্কিন বিষয়া নেন্সী। বেইজিঙে স্পষ্ট কৰি জনাইছে, নেন্সীৰ উপস্থিতিক ‘উচটনি’ হিচাপে লৈছে চীনে।

বিগত ২৫ বছৰত টাইৱান ভ্ৰমণলৈ অহা নিৰ্বাচিত মাৰ্কিন বিষয়া নেন্সী। বেইজিঙে স্পষ্ট কৰি জনাইছে, নেন্সীৰ উপস্থিতিক ‘উচটনি’ হিচাপে লৈছে চীনে।

বিগত ২৫ বছৰত টাইৱান ভ্ৰমণলৈ অহা নিৰ্বাচিত মাৰ্কিন বিষয়া নেন্সী। বেইজিঙে স্পষ্ট কৰি জনাইছে, নেন্সীৰ উপস্থিতিক ‘উচটনি’ হিচাপে লৈছে চীনে।

  • Share this:
চীনৰ ২০ খনৰো অধিক যুঁজাৰু বিমান প্ৰৱেশ কৰিছে টাইৱানৰ আকাশী সীমাত! মঙলবাৰে মাৰ্কিন হাউছ স্পিকাৰ নেন্সী পেলোচীয়ে টাইপেইত অৱতৰণৰ পিছতে এই সামৰিক বিমানসমূহ প্ৰৱেশ কৰিছে বুলি টাইৱানে জনাইছে। নেন্সী পেলোচীয়ে মঙলবাৰে সন্ধিয়া টাইৱানত অৱতৰণৰ কৰে। চীনৰ বাৰম্বাৰ কঠোৰ সতৰ্কতা আৰু ভাবুকিক অগ্ৰাহ্য কৰি মাৰ্কিন মুলুকৰ এই পদক্ষেপ, যাৰ ফলত বিশ্বৰ দুই অন্যতম শক্তিশালী দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা।

ৰাষ্ট্ৰপতিৰ ঠিক পিছৰ পদমৰ্যাদাত আছে নেন্সী পেলোচী। বিগত ২৫ বছৰত টাইৱান ভ্ৰমণলৈ অহা নিৰ্বাচিত মাৰ্কিন বিষয়া নেন্সী। বেইজিঙে স্পষ্ট কৰি জনাইছে, নেন্সীৰ উপস্থিতিক ‘উচটনি’ হিচাপে লৈছে চীনে। ৮২ বছৰীয়া এইগৰাকী বিষয়াই এখন মাৰ্কিন সামৰিক বিমানযোগে উপস্থিত হয় টাইৱানত। সোংশান বিমানবন্দৰত বৈদেশিক মন্ত্ৰী জোছেফ উৱে তেওঁক উষ্ম আদৰণি জনায়।

এক বিবৃতিযোগে নেন্সীয়ে কয়, আমাৰ প্ৰতিনিধি দলৰ টাইৱান ভ্ৰমণে টাইৱানৰ প্ৰাণৱন্ত গণতন্ত্ৰক সমৰ্থন কৰাৰ লক্ষ্যৰে আমেৰিকাৰ শাশ্বত প্ৰতিশ্ৰুতিকেই সন্মানিত কৰে। তেওঁৰ ভ্ৰমণে টাইৱান আৰু বেইজিঙৰ প্ৰতি মাৰ্কিন নীতিৰ ‘বিৰোধী নহয়’ বুলিও মন্তব্য কৰে নেন্সীয়ে।

নেন্সী পেলোচী বৰ্তমান এছিয়া ভ্ৰমণত আছে। তেওঁ বা তেওঁৰ কাৰ্যালয়ে টাইপেই ভ্ৰমণৰ বিষয়টো নিশ্চিত কৰা নাই। কিন্তু একাধিক মাৰ্কিন আৰু টাইৱানৰ সংবাদমাধ্যমে জনাইছে, এই ভ্ৰমণ পূৰ্বৰে পৰা আছিল। চীনৰ সামৰিক বাহিনীয়ে জনাইছে, ‘উচ্চ সতৰ্কতা’ জাৰি কৰা হৈছে আৰু এই ভ্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে ‘সামৰিক পদক্ষেপ’ও গ্ৰহণ কৰিব চীনে।

চীনে বুধবাৰৰ পৰা দ্বীপৰ চাৰিওফালে সামৰিক অনুশীলনৰ ঘোষণা কৰিছে। বেইজিঙৰ বৈদেশিক মন্ত্ৰণালয়ে জনাইছে, ‘যিয়ে জুইৰ সৈতে খেলিব, তেওঁলোক ধ্বংস হৈ যাব।’

উল্লেখযোগ্য যে চীনে গণতান্ত্ৰিক টাইৱানক নিজৰ অঞ্চল হিচাপে বিবেচনা কৰে আৰু প্ৰয়োজনত বল প্ৰয়োগ কৰি দ্বীপ ৰাষ্ট্ৰখন দখল কৰাৰ কথাও প্ৰকাশ কৰিছে। টাইৱানক বিশ্বৰ পৰা বিচ্ছিন্ন ৰখাৰ চেষ্টাত টাইপেইৰ সৈতে চৰকাৰী আদান–প্ৰদানকাৰী দেশবোৰৰ বিৰোধিতা কৰে চীনে। বিগত সপ্তাহত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে ফোনত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ৱাশ্বিংটনক টাইৱানৰ বিৰুদ্ধে ‘জুইক লৈ খেলাৰ’ বিৰুদ্ধে সতৰ্ক কৰি দিছিল।

হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰবিয়ে জনাইছে, নেন্সী পেলোচীৰ য’তেই মন যায় তালৈ যোৱাৰ অধিকাৰ আছে। টাইৱান ভ্ৰমণকাৰী মাৰ্কিন প্ৰতিনিধি পৰিষদৰ অন্তিম স্পিকাৰ আছিল নিউট গিংৰিচ, সেয়াও ১৯৯৭ চনত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি