টিকটক (TikTok) বুলিলেই চুড়ান্ত ধেমালি আৰু অদ্ভুত কাণ্ড-কাৰখানাৰ ভিডিঅ' বুলিয়েই বিশ্বই জানে। বিশ্বতে সৰ্বাধিক জনপ্ৰিয় এই টিকটক ভিডিঅ' মনোৰঞ্জনৰ অন্যতম আহিলা হৈ পৰিছে। কিন্তু এজন শিক্ষকৰ এনে বাহাদুৰী যে তেওঁ টিকটকেৰে কৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক ৰোগৰ চিকিৎসা।
আধুনিক বিশ্বত কেৱল যুৱক-যুৱতী নাইবা বয়স্কসকলেই মানসিক ৰোগৰ চিকাৰ নহয়, শিশুসকলেও মানসিক ৰোগ (Mental Health)ত আক্ৰান্ত হৈ আহিছে। যাৰ ফলত শিশুসকলে মুকলি মনেৰে শৈশৱ উপভোগ কৰিব নোৱৰা পৰিবেশ সৃষ্টি হৈছে। আনহাতে যি সময়ত মানসিক ৰোগ চিনাক্ত কৰাটোৱেই এটা টান কাম তেনে সময়ত শিশুৰ ক্ষেত্ৰত এই কাম আৰু কঠিন হৈ পৰে। এনে পৰিস্থিতিৰ মাজতে আমেৰিকাৰ এগৰাকী শিক্ষকে শিশুসকলৰ মানসিক ৰোগ নিৰাময়ৰ বাবে যি কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়।
আমেৰিকাৰ নেব্ৰাস্কাৰ এইজন শিক্ষকে ভাইৰেল টিকটকৰ আৰ্হিত শিশুৰ মানসিক সমস্যাসমূহৰ সমাধানৰ চেষ্টা কৰিছে। জোশ মোনৰো ( Josh Monroe) নামৰ শিক্ষকজনে তেওঁৰ ছৰ্ট ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম “পইণ্ট অৱ ভিউ” (point of view) ভাইৰেল হৈ পৰিছে। নিজৰ কুকুৰটো লৈ মোনৰোৱে শিশুৰ হতাশা, নিৰাশা, অস্বস্তি, ADHD, উৎপীড়ন আদিকে ধৰি নানা ধৰণৰ বিযয়ক লৈ নিৰ্মাণ কৰা ভিডিঅ'বোৰ সঁচাকৈ প্ৰশংসনীয়।
ৰিয়েল টাইমত চাব পৰা এই ভিডিঅ'সমূহ এনেদৰে নিৰ্মাণ কৰা হৈছে যে শিশুসকলে বা দৰ্শকে নিজকে মোনৰোৰ সৈতে একেটা কোঠাতে বা একে ঠাইতে থকা যেন অনুভৱ কৰে আৰু বিষয়টোৰ সৈতে আৰু কোঠাৰ ভিতৰত ঘটি থকা ঘটনাবোৰৰ সৈতে নিজক সংযুক্ত কৰিব পাৰে । এই ভিডিঅ'বোৰৰ উদ্দেশ্যই হ 'ল যাতে মানুহে সহজতে শিশুৰ মানসিক সমস্যাৰ কথা বুজি পাব পাৰে।
তেওঁৰ ভিডিঅ'বোৰত, মোনৰোৱে বিভিন্ন প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সঠিক ধৰণৰ দৃষ্টিভংগী শিকোৱাৰ লগতে শিশুসকলৰ প্ৰতি মৰম প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|