• Home
  • »
  • News
  • »
  • world
  • »
  • Ukraine Crisis Updates: যুদ্ধৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে ইউৰোপত, ৰাছিয়াই সীমান্তত আৰু ৭০০০ সৈন্যদল প্ৰেৰণ কৰাৰ দাবী আমেৰিকাৰ

Ukraine Crisis Updates: যুদ্ধৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে ইউৰোপত, ৰাছিয়াই সীমান্তত আৰু ৭০০০ সৈন্যদল প্ৰেৰণ কৰাৰ দাবী আমেৰিকাৰ

ব্ৰিটেইনে পোলেণ্ডলৈ শ শ সৈন্য প্ৰেৰণ কৰিছে আৰু অতিৰিক্ত যুদ্ধ জাহাজ আৰু বিমান আগবঢ়াই আছে।

ব্ৰিটেইনে পোলেণ্ডলৈ শ শ সৈন্য প্ৰেৰণ কৰিছে আৰু অতিৰিক্ত যুদ্ধ জাহাজ আৰু বিমান আগবঢ়াই আছে।

ব্ৰিটেইনে পোলেণ্ডলৈ শ শ সৈন্য প্ৰেৰণ কৰিছে আৰু অতিৰিক্ত যুদ্ধ জাহাজ আৰু বিমান আগবঢ়াই আছে।

  • Share this:
ইউক্ৰেইন সংকট এতিয়াও উত্তেজনাপূৰ্ণ। জাৰ্মান চেঞ্চেলৰ ওলাফ শ্লটজৰ সৈতে বাৰ্তালাপৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সাংবাদিকৰ আগত যুদ্ধ নিবিচৰাৰ বিষয়ে সদৰী কৰিছিল। এই সন্দৰ্ভত ৰাছিয়াৰ (Russia) দখলত থকা ক্ৰিমিয়াত সামৰিক অনুশীলনৰ অন্তত দেশৰ একাংশ সেনা ইউক্ৰেইন (Ukraine) সীমান্তৰ পৰা আঁতৰি যোৱাৰ এটা ভিডিঅ'ও প্ৰদৰ্শন কৰিছিল ৰাছিয়াই। কিন্তু এই তথ্য নাকচ কৰে আমেৰিকাই। আমেৰিকাৰ লগতে নাটোৱেও এয়া মিছা বুলি অভিহিত কৰে। বৰঞ্চ আমেৰিকা যুক্তৰাষ্ট্ৰৰ (United States alleged) পৰা দাবী কৰা হৈছে যে মস্কোৱে সীমান্তত ৭,০০০ অতিৰিক্ত সৈন্য যোগহে দিছে।

এনে অৱস্থাত ৰাছিয়া-ইউক্ৰেইন সংকটৰ ডাৱৰ এতিয়াও আঁতৰা নাই বুলি ধাৰণা কৰিব পাৰি। ৰাছিয়াৰ আক্ৰমণৰ আশংকাৰ মাজতে বুধবাৰে ইউক্ৰেইনৰ বহুসংখ্যক স্থানীয় লোকে দেশখনৰ ঐক্য প্ৰদৰ্শন কৰি তেওঁলোকৰ পতাকা উৰুৱাই মস্কোৱে পেলোৱা চাপ হ্ৰাস কৰিবলৈ চেষ্টা কৰে।

বাতৰি অনুসৰি, ইউক্ৰেইনৰ চাৰিওফালে ৰাছিয়াৰ বৃহৎ পৰিমাণৰ সৈন্য (Russian forces) মোতায়েন কৰা হৈছে। ডেৰ লাখতকৈও অধিক সৈন্য আছে সীমান্তত। যদিও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে (Vladimir Putin) ইংগিত দিছে যে তেওঁ সংকটৰ পৰা শান্তিপূৰ্ণ পথ বিচাৰে, তথাপি পুটিনক বিশ্বাসত ল'ব পৰা নাই নাটো (NATO), আমেৰিকাকে ধৰি ইউৰোপে।

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনেও প্ৰতিশ্ৰুতি দিছিল যে আমেৰিকাই কূটনীতিক "প্ৰতিটো সুযোগ" দিয়া অব্যাহত ৰাখিব, কিন্তু তেওঁ মস্কোৰ উদ্দেশ্য সম্পৰ্কে সন্দেহ প্ৰকাশ কৰি আহিছে। আনহাতে, নাটোৱে নিৰাপত্তা বৃদ্ধিৰ বাবে নতুন উপায় বিচাৰি থকা দেখা গৈছে। ব্ৰাচেলছত নাটোৰ মুখ্য কাৰ্যালয়ত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতে দুদিনীয়া বৈঠকত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে ৰাছিয়া তথা কৃষ্ণ সাগৰ অঞ্চললৈ কেনেদৰে তৎক্ষণাৎ সৈন্য আৰু সঁজুলি পৰিবহণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে।

ইফালে, আমেৰিকাই পোলেণ্ড আৰু ৰোমানিয়াত ৫,০০০ সৈন্য মোতায়েন কৰিছে। ব্ৰিটেইনে পোলেণ্ডলৈ শ শ সৈন্য প্ৰেৰণ কৰিছে আৰু অতিৰিক্ত যুদ্ধ জাহাজ আৰু বিমান আগবঢ়াই আছে। জাৰ্মানী, নেদাৰলেণ্ড আৰু নৰৱেই লিথুৱানিয়ালৈ অতিৰিক্ত সৈন্য প্ৰেৰণ কৰিছে। ডেনমাৰ্ক আৰু স্পেইনে বিমান সুৰক্ষাৰ বাবে যুঁজাৰু বিমান প্ৰদান কৰি আছে। গতিকে যুদ্ধৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে ইউৰোপত (Europe)।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি