US ৰাষ্ট্ৰপতিৰ নিৰ্বাচন বিতৰ্কঃ চীনৰ সৈতে ভাৰতক একেশাৰীত ৰাখি শোচনীয় আখ্যা ডনাল্ড ট্ৰাম্পৰ

প্ৰেচিডেনচিয়েল ডিবেটত ডনাল্ড ট্ৰাম্প আৰু জ’ বিডেনৰ মাজত কোৰোণা ভেকচিনক লৈ তৰ্ক দেখিবলৈ পোৱা গ’ল।
প্ৰেচিডেনচিয়েল ডিবেটত ডনাল্ড ট্ৰাম্প আৰু জ’ বিডেনৰ মাজত কোৰোণা ভেকচিনক লৈ তৰ্ক দেখিবলৈ পোৱা গ’ল।
- News18 Assam
- Last Updated: October 23, 2020, 10:01 AM IST
ট্ৰাম্পে কয় যে, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত ভাৰত, ৰাছিয়া আৰু চীনৰ ৰেকৰ্ড বেয়া। ইয়াৰ মাজতে ট্ৰাম্পে দাবী কৰে যে আমেৰিকাত সকলোতকৈ কম কাৰ্বন নিৰ্গত হয়। ডিবেটত ড’নাল্ড ট্ৰাম্প আৰু জ’ বিডেনৰ মাজত উত্তৰ কোৰিয়াক লৈ যথেষ্ট তীক্ষ্ণ বিতৰ্ক হোৱা দেখা যায়। ট্ৰাম্পে কয় যে, আমি উত্তৰ কোৰিয়াৰ সৈতে যুদ্ধসদৃশ পৰিস্থিতিত নাই। আমাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ভাল। এইক্ষেত্ৰত বিডেনে ওলোটাই আক্ৰমণ কৰি কয় যে, হিটলাৰে ইউৰোপ আক্ৰমণ কৰাৰ পূৰ্বেও তেওঁৰ সৈতে আমাৰ সম্বন্ধ ভাল আছিল।
ভেকচিনক লৈ দুয়ো আক্ৰমণাত্মক হয়
উল্লেখ্য যে, মুঠ ৬টা বিষয়ত দুয়োকে দুই দুই মিনিট সময় ক’বলৈ দিয়া হয়। ইয়াত ট্ৰাম্প–বিডেনৰ লগতে কেৱল ২০০জন লোকৰহে উপস্থিতিৰ অনুমতি আছিল।