জো বাইডেনে (Joe Biden) কয়, "২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত কাবুল বিমানবন্দৰ (Kabul Airport)ত আন এটা ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ব পাৰে। আফগানিস্তান (Afghanistan)ৰ পৰিস্থিতি অত্যন্ত বিপদজনক আৰু আক্ৰমণৰ আশংকা এতিয়াও আছে।"
আফগানিস্তান (Afghanistan)ত তালিবান (Taliban))ৰ দখলৰ পিছতে কাবুল বিমানবন্দৰত (Kabul Airport)ত সংঘটিত ভয়ংকৰ আত্মঘাতি আক্ৰমণৰ পিছত আন এটা আক্ৰমণৰ সাৱধানবাণী দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ (United States)ই । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে (Joe Biden) এক সতৰ্কবাণী জাৰি কৰি কয় যে ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত কাবুল বিমানবন্দৰত আন এটা ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ব পাৰে। তেওঁ কয় যে আফগানিস্তানৰ পৰিস্থিতি অত্যন্ত বিপদজনক আৰু আক্ৰমণৰ আশংকা এতিয়াও আছে।
জো বাইডেনে কয় যে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা টীম আফগানিস্তানত নিয়োজিত কমাণ্ডাৰসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছে। তেওঁ কয় যে এই বৈঠকতে আফগানিস্তানত নিয়োজিত কমাণ্ডাৰসকলে তেওঁক জানিবলৈ দিয়ে যে ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত কাবুল বিমানবন্দৰত পুনৰ আক্ৰমণ হ'ব পাৰে। বৈঠকত আফগানিস্তানত আই এছ আই এছ (ISIS)ৰ লক্ষ্যত বোমা বিস্ফোৰণৰ বিষয়ে আলোচনা কৰা হয়। বাইডেনে কয়, "মই কৈছিলো যে আমি আমাৰ সৈনিক আৰু অসামৰিক লোকৰ ওপৰত হোৱা আক্ৰমণৰ বাবে দায়ী সকলক বিচাৰি পাম, আৰু আমি সেয়া কৰিলোঁ।"
ৰাষ্ট্ৰপতি বাইডেনে আৰু কয়, "সন্ত্ৰাসবাদীৰ ওপৰত হোৱা এই আক্ৰমণেই অন্তিম নহয়। আমি কাবুল আক্ৰমণত জড়িত অপৰাধীসকলক বিচাৰি উলিয়াম আৰু তেওঁলোকক শাস্তি দিম। যেতিয়াই কোনোবাই আমাক বা আমাৰ সৈন্যক আক্ৰমণ কৰিব আমি তাৰ উপযুক্ত উত্তৰ দিম।"
উল্লেখ্য যে ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই ১,০০,০০০তকৈও অধিক লোকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিছে, আৰু ৩১ আগষ্ট, মঙলবাৰৰ সময়সীমাৰ ভিতৰত দেশখনৰ সকলো নাগৰিকক নিৰাপদে আফগানিস্তানৰ পৰা উলিয়াই নিব বুলি আশা কৰিছে।
আনহাতে তালিবান বাহিনীয়ে শনিবাৰে কাবুলৰ বিমানবন্দৰ বন্ধ কৰি দিছে। বেছিভাগ আফগান নাগৰিকে দেশ এৰি বিদেশলৈ যোৱাৰ বাবে বিমানবন্দৰত ভিৰ কৰি আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|