আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ইউক্ৰেইন ‘‘ৰাছিয়াৰ বাবে কেতিয়াও বিজয় নহ'ব’’ বুলি মন্তব্য কৰে। এই বক্তব্য তেওঁ মস্কো আক্ৰমণৰ প্ৰথম বাৰ্ষিকীৰ প্ৰাকমুহূৰ্তত পোলেণ্ডত ভাষণ দি কৈছিল।
তেওঁ ৱাৰ্ছত কয়, ‘‘সাম্ৰাজ্য পুনৰ নিৰ্মাণৰ বাবে আগ্ৰহী এজন স্বৈৰশাসকে কেতিয়াও মানুহৰ স্বাধীনতাৰ প্ৰেম কমাব নোৱাৰিব, বৰ্বৰতাই কেতিয়াও মুক্তৰ ইচ্ছাক নষ্ট কৰিব নোৱাৰে।’’
বাইডেনে ৰয়েল কেচেলৰ বাহিৰত সমবেত হোৱা কেইবা হাজাৰ লোকৰ জনসমাগমক কৈছিল ‘‘ইউক্ৰেইন কেতিয়াও ৰাছিয়াৰ বাবে বিজয় নহ'ব - কেতিয়াও নহয়।’’
উল্লেখ্য যে, জ' বাইডেনে শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাজধানীলৈ কিয়েভ ভ্ৰমণ কৰিছিল আৰু ইয়াৰ এদিন পিছত তেখেতে এইদৰে কৈছিল যে, ‘‘কিয়েভ শক্তিশালী হৈ আছে, কিয়েভ গৌৰৱান্বিত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যে ই মুক্ত হৈ আছে।’’
মঙলবাৰৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দিয়া পশ্চিম বিৰোধী ভাষণৰ প্ৰতি বাইডেনে মন্তব্য আগবঢ়াইছিল। তেখেতে কয় যে, ‘‘পুটিনে আজি কোৱাৰ দৰে পশ্চিমে ৰাছিয়া আক্ৰমণৰ ষড়যন্ত্ৰ কৰা নাই।’’ লগতে কয় যে, ‘‘কেৱল চুবুৰীয়াৰ সৈতে শান্তিৰে থাকিব বিচৰা লাখ লাখ ৰাছিয়াৰ নাগৰিক শত্ৰু নহয়।’’
জ' বাইডেনে ইউক্ৰেইনৰ প্ৰতি পশ্চিমৰ নিৰন্তৰ সমৰ্থনৰ ওপৰত জোৰ দিছিল।
ইয়াৰোপৰি তেওঁ কয়, ‘‘ইয়াত কোনো সন্দেহ থাকিব নালাগে, ইউক্ৰেইনৰ প্ৰতি আমাৰ সমৰ্থন বিচলিত নহ’ব, নাটো(NATO) বিভক্ত নহ’ব আৰু আমি ক্লান্ত নহওঁ।’’
পোলেণ্ডলৈ বিগত ১২ মাহত বাইডেনৰ এইটো দ্বিতীয় চৰকাৰী ভ্ৰমণ। বুধবাৰে, বাইডেনে নাটো(NATO)ৰ পূৱ ফালৰ ৯ খন দেশৰ নেতাৰ সৈতে ৱাৰ্ছত সাক্ষাৎ কৰিব।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 22, 2023, 09:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।