உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • খং কমা নাই ড’নাল্ড ট্ৰাম্পৰ! এইবাৰ আমেৰিকাত নিষিদ্ধ হব চীনৰ যাত্ৰীবাহী বিমান!

    খং কমা নাই ড’নাল্ড ট্ৰাম্পৰ! এইবাৰ আমেৰিকাত নিষিদ্ধ হব চীনৰ যাত্ৰীবাহী বিমান!

    কোৰোণা ভাইৰাছকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত সম্পৰ্ক অধিক বেয়াৰ ফালে গতি কৰিছে।

    কোৰোণা ভাইৰাছকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত সম্পৰ্ক অধিক বেয়াৰ ফালে গতি কৰিছে।

    কোৰোণা ভাইৰাছকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত সম্পৰ্ক অধিক বেয়াৰ ফালে গতি কৰিছে।

    • Share this:
    কোৰোণা ভাইৰাছকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত সম্পৰ্ক অধিক বেয়াৰ ফালে গতি কৰিছে। চীনৰ বিৰুদ্ধে এতিয়া প্ৰচণ্ড ক্ষোভ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। এইবাৰ চীনা বিমান সংস্থাৰ বাণিজ্য আৰু যাত্ৰীবাহী বিমান প্ৰৱেশ নিষিদ্ধ কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসন। সংবাদ সংস্থাৰ ৰাইটছত প্ৰকাশ পোৱা খবৰ অনুসৰি, এই অৰ্ডাৰ এয়াৰ চাইনা, চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্স কৰ্পোৰেশন, চায়না চাউথাৰ্ন এয়াৰলাইন্স, হায়নান এয়াৰলাইন্সৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি জানিব পৰা গৈছে।

    অহা ১৬ জুনৰ পৰা আৰম্ভ হ’বলগীয়া চীনৰ চাৰিখন বিমানৰ উৰণ আমিৰকাই বন্ধ কৰিছে বুলি জনাইছে আমেৰিকাৰ পৰিবহণ বিভাগে। আনকি চীনে দুয়োখন দেশৰ মাজত থকা উৰণ সম্পৰ্কীয় চুক্তিও উলংঘন কৰিছে বুলি জনাইছে বিভাগটোৱে।
    First published: