உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ভাৰতক ধমক আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পৰ, যদিহে ঔষধ নপঠিয়াই তেন্তে ভুগিব লাগিব পৰিণাম

    ভাৰতক ধমক আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পৰ, যদিহে ঔষধ নপঠিয়াই তেন্তে ভুগিব লাগিব পৰিণাম

    হাইড্ৰ’ক্সীক্লৰ’কুইন ঔষধ মেলেৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কোৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এই ঔষধ ফলপ্ৰসূ বুলি কৈছে চিকিৎসকসকলে।

    • Share this:
    আমেৰিকাত কোৰোণা ভাইৰাছে ধাৰণ কৰিছে সংহাৰী ৰূপ। বিশ্বৰ সৰ্বশক্তিমান দেশখনকো এই ভাইৰাছে বিধ্বস্ত কৰি পেলাইছে। এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা বিচাৰিছিল হাইড্ৰ’ক্সীক্লৰ’কুইন নামৰ ঔষধ। কিন্তু ভাৰতৰ পৰা এইবিধ ঔষধৰ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

    কিন্তু মঙলবাৰে ড’নাল্ড ট্ৰাম্পে ভাৰতক সকীয়নি দি কয় যে যদিহে ভাৰতে কোৰোণা ভাইৰাছৰ সৈতে যুঁজিবলৈ এই গুৰুত্বপূৰ্ণ ঔষধ ৰপ্তানি নকৰে তেন্তে পৰিণাম ভুগিব লাগিব পাৰে।

    হাইড্ৰ’ক্সীক্লৰ’কুইন ঔষধ মেলেৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কোৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এই ঔষধ ফলপ্ৰসূ বুলি কৈছে চিকিৎসকসকলে। ভাৰত চৰকাৰে দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত সৃষ্টি হ’ব পৰা সংকটপূৰ্ণ পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই ঔষধৰ ৰপ্তানি বন্ধ কৰিছে। ঘৰুৱা বজাৰত অভাৱ নহ’বৰ বাবে চৰকাৰে ডাইড্ৰ’ক্সীক্লৰ’কুইনৰ ৰপ্তানি ২৫ মাৰ্চত বন্ধ কৰিছিল।

    শেহতীয়াকৈ ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ কৰিছিল। এই বাৰ্তালাপত ট্ৰাম্পে মোদীক হাইড্ৰ’ক্সীক্লৰ’কুইন টেবলেটৰ যোগান ধৰাৰ বাবে আহ্বান জনাইছিল। লগতে ট্ৰাম্পে কৈছিল যে এই ঔষধ মই নিজেও খাম। ইয়াৰ বাবে চিকিৎসকৰ সৈতে আলোচনা কৰিব লাগিব।
    Published by:Sanjay Kumar Das
    First published: