‘দৈনিক এটাকৈ হাইড্ৰ’ক্সিক্লৰ’কুইন খাই আছো’, সকীয়নি নমনা ৭৩বছৰীয়া ড’নাল্ড ট্ৰাম্পৰ দাবী

News18 Assam | News18-Assam
Updated:May 19, 2020, 10:23 AM IST
‘দৈনিক এটাকৈ হাইড্ৰ’ক্সিক্লৰ’কুইন খাই আছো’, সকীয়নি নমনা ৭৩বছৰীয়া ড’নাল্ড ট্ৰাম্পৰ দাবী
Photo : aljazeera

কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ এতিয়া মেলেৰীয়াৰ ঔষধৰ শৰণাপন্ন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি। 

  • Share this:
কোৰোণা ভাইৰাছ ৰোধ কৰাৰ ক্ষেত্ৰত হাইড্ৰ’ক্সিক্লৰ’কুইন ব্যৱহাৰ কৰাকৈ লৈ স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়নি প্ৰদান কৰিলেও নিজৰ মতত অলৰ–অচৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। হঠাৎ তেওঁ এক ঘোষণা কৰিছে যে তেওঁ নিয়মীয়াকৈ হাইড্ৰ’ক্সিক্লৰ’কুইন খাই আছে। মেলেৰীয়াৰ ঔষধে কোৰোণা ৰোধ কৰিব পাৰিব বুলি অগাধ বিশ্বাস ট্ৰাম্পৰ।

হোৱাইট হাউচত সাংবাদিকৰ সৈতে প্ৰশ্নোত্তৰ কালত ট্ৰাম্পে নিজেই এই কথা জনায়। ৰেস্তোঁৰা কৰ্তৃপক্ষৰ সৈতে এক ব্যৱসায়িক বৈঠকত আছিল ট্ৰাম্প। ভাইৰাছৰ কাৰণে ব্যৱসায়ত কি প্ৰভাৱ পৰিছে সেই সন্দৰ্ভত আছিল এই বৈঠক। হঠাৎ তেওঁ কয়, ‘মই হাইড্ৰ’ক্সিক্লৰ’কুইন খাই আছো।’ তেওঁ লগতে কয়, ‘মই বিগত ডেৰ সপ্তাহ ধৰি এই ঔষধ খাই আছো। দৈনিক এটাকৈ খাই আছো।’

কেইসপ্তাহমানৰ পূৰ্বে এই ঔষধৰ সফল প্ৰয়োগ হৈছিল কোৰোণা ভাইৰাছৰ চিকিৎসাত। ইয়াৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ঔষধৰ ব্যৱহাৰৰ ওপৰত জোৰ দিছিল। কিন্তু তাৰপিছতে ঔষধৰ পৰা ফলপ্ৰসু ফলাফল পোৱা নগ’ল। আনকি দ্য ফুড এণ্ড ড্ৰাগ এডমিনিচট্ৰেশ্যনে নিৰ্দেশিকা জাৰি কৰে এই ঔষধৰ ব্যৱহাৰৰ বিৰুদ্ধে।

এপ্ৰিলৰ ২৪তাৰিখে FDA–এ এক বিবৃতি প্ৰকাশ কৰি জনাইছিল, ‘হাৰ্টৰ গতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধা হয় এই ঔষধৰ কাৰণে আৰু তাৰ কাৰণেই এই ঔষধৰ ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্কতা দিয়া হৈছে।’

৭৩বছৰীয়া ড’নাল্ড ট্ৰাম্পৰ স্বাস্থ্য দৈনিক পৰীক্ষা কৰোৱা হৈ আছে। তেওঁ হোৱাইট হাউছৰ চিকিৎসকক হেনো সুধিছিল যে এই ঔষধ খাব পাৰি নে কি? তাৰ উত্তৰত চিকিৎসকে বোলে ক’লে যদি আপুনি ভাল বুলি ভাবিছে তেনেহ’লে খাব পাৰে।

ড’নাল্ড ট্ৰাম্পে যি সিদ্ধান্ত লয় তাক সলনি কৰাটো এক প্ৰকাৰ অসম্ভৱ আৰু বিভিন্ন প্ৰসংগত তেওঁ আকোৰগোঁজ স্থিতি প্ৰকাশ কৰি থৈছে। কোৰোণা অতিমাৰীৰ সময়তো তেওঁ মাস্ক নিপিন্ধিলেই।

ড’নাল্ড ট্ৰাম্পৰ স্বাস্থ্য বৰ্তমানলৈকে ভালেই আছে। হোৱাইট হাউছৰ এজন কৰ্মী কোৰোণা পজিটিভ পোৱাৰ পিছত দৈনিক ট্ৰাম্পৰ কোৰোণা পৰীক্ষা কৰোৱা হৈছে।

ট্ৰাম্পৰ মতে, চিকিৎসকৰ সৈতে আলোচনা কৰি গম পালো যে এই ঔষধৰ কিছু চাইড এফেক্ট থাকিলেও কোৰোণাৰ প্ৰতিৰোধকাৰী ঔষধ হিচাপে ইয়ে ভাল কাম কৰে।

আনহাতে চিনেটৰ ডেম’ক্ৰেটিক লিডাৰ চুক চুমাৰে জনায়, ‘হাইড্ৰ’ক্সিক্লৰ’কুইন এইধৰণে গ্ৰহণ কৰাটো বিপজ্জনক, তেওঁ হয়তো এইধৰণে ঔষধ সেৱন কৰি মানুহক মিছা আশা দেখুৱাইছে।’

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading