আজি ভাৰতত উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিবলগীয়া ট্ৰাম্পে ভাৰতত কটাব ৩৬ ঘণ্টা। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পৰ সৈতে আহিব পত্নী মেলানিয়া ট্ৰাম্প, কন্যা ইভাংকা ট্ৰাম্প, জোঁৱায়েক আৰু এক উচ্চস্তৰীয় প্ৰতিনিধি মণ্ডল।
বিদেশ মন্ত্ৰণালয়ৰ মতে পুৱা ১১.৪০ বজাত আহমেদাবাদৰ ছৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’ব ড’নাল্ড ট্ৰাম্প। বিমাবন্দৰত প্ৰধানমন্ত্ৰী মোদীয়ে উষ্ম আদৰণি জনাব ট্ৰাম্পক। দুপৰীয়া ১২.১৫ বজাত সবৰমতি আশ্ৰমত উপস্থিত হ’ব ট্ৰাম্প। ১.০৫ বজাত আহমেদাবাদৰ মটেৰাত নমস্তে ট্ৰাম্প কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মটেৰাত প্ৰায় ১.১০ লাখ লোকক সম্বোধন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। আমেৰিকাৰ হিউষ্টনত হোৱা ‘হাউডী মোদী’ কাৰ্যসূচীৰ আধাৰত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ।
গুজৰাটৰ পৰা দিল্লীত উপস্থিত হোৱাৰ পূৰ্বে পৰিয়ালসহ তাজমহল দৰ্শন কৰিবলৈ আগ্ৰালৈ ৰাওনা হ’ব ট্ৰাম্প। বিয়লি ৩.৩০ বজাত আগ্ৰালৈ বুলি বিমানত উঠিব ট্ৰাম্প। বিয়লি ৪.৪৫ উপস্থিত হ’ব আগ্ৰাত। সন্ধিয়া ৫.১৫ বজাত তাজমহল দৰ্শন কৰিব ট্ৰাম্পে। তাজমহলত উপস্থিত হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আদৰণি জনাব ট্ৰাম্পক। প্ৰায় ৫০ মিনিট সময় তাজমহল দৰ্শন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। সন্ধিয়া ৬.৪৫ বজাত দিল্লীলৈ ৰাওনা হ’ব আৰু ৭.৩০ বজাত উপস্থিত হ’ব দিল্লীত।
যাত্ৰাৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে পুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব ট্ৰাম্পক। ইয়াৰ পিছত ১০.৩০ বজাত ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। পুৱা ১১ বজাত হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অংশ ল’ব বৈঠকত। দুপৰীয়া ১২.৪০ বজাত হায়দৰাবাদ হাউছতে বুজাবুজিৰ চুক্তি আদান–প্ৰদান কৰিব দুই নেতাই।
বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে পূৰ্বেই উল্লেখ কৰিছে যে দুয়োখন দেশৰ মাজত হ’ব ৫খন বুজাবুজিৰ চুক্তি। প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ বাবে দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিব। সন্ধিয়া ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব। ৰাষ্ট্ৰপতিয়ে নিশাৰ আহাৰৰ আয়োজন কৰিব ট্ৰাম্পৰ বাবে। এই নৈশভোজত শাসকীয় দলৰ লগতে বিৰোধী দলৰ নেতাসকলকো আমন্ত্ৰণ জনোৱা হৈছে। নিশা ১০ বজাত পুনৰ আমেৰিকালৈ ৰাওনা হ’ব ড’নাল্ড ট্ৰাম্প।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|