• Home
  • »
  • News
  • »
  • world
  • »
  • USA Pilot Stole Plane: পাইলটে চুৰি কৰিলে বিমান, ৱালমাৰ্ট ষ্ট’ৰত ভূপতিত কৰাৰ ভাবুকি

USA Pilot Stole Plane: পাইলটে চুৰি কৰিলে বিমান, ৱালমাৰ্ট ষ্ট’ৰত ভূপতিত কৰাৰ ভাবুকি

USA Pilot Stole Plane: পাইলটজনে পুৱা ৫ মান বজাত জৰুৰীকালীন নম্বৰত ফোন কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

USA Pilot Stole Plane: পাইলটজনে পুৱা ৫ মান বজাত জৰুৰীকালীন নম্বৰত ফোন কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

USA Pilot Stole Plane: পাইলটজনে পুৱা ৫ মান বজাত জৰুৰীকালীন নম্বৰত ফোন কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

  • Share this:
আমেৰিকাৰ মিচিচিপি (Mississippi)ত এজন পাইলটে এখন বিমান চুৰি কৰাৰ দৰে আজৱ ঘটনা সংঘটিত হৈছে। বিমানখন চুৰি কৰি উৰুৱাই মিচিচিপিৰ টুপেলোৰ স্থানীয় ৱালমাৰ্ট ষ্ট’ৰ (Walmart store)ত বিমানখন ভূপতিত কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে পাইলটজনৰ বিৰুদ্ধে। এই খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীয়ে ষ্ট’ৰখন খালী কৰাইছে।

বিএনঅ’ নিউজে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে এখন বিমানে কম উচ্চতাত মূৰৰ ওপৰেৰে ঘূৰি ফুৰিছে। আৰক্ষীৰ মতে, বিমানখনে পুৱা প্ৰায় ৫ বজাত ঘূৰিবলৈ আৰম্ভ কৰিছিল আৰু তিনি ঘণ্টাৰো অধিক সময়ৰ পাছতো উৰি আছিল।


টুপেলো আৰক্ষী বিভাগৰ উদ্ধৃতিৰে APয়ে জনোৱা মতে ৱালমাৰ্ট আৰু ওচৰৰ দোকানসমূহ খালী কৰোৱা হৈছিল। তদুপৰি পাইলটজনে পুৱা ৫ মান বজাত জৰুৰীকালীন নম্বৰত ফোন কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

বিষয়াসকলে জনোৱা মতে, বিমানখন “কিং এয়াৰ টাইপ” বিমান, যিখন বিচক্ৰাফ্টে নিৰ্মাণ কৰা ইউটিলিটি বিমান। সাধাৰণতে ছয় বা সাতজন যাত্ৰী বহিব পাৰে এই বিমানত।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি