US Election Result: বাইডেন আগবঢ়াৰ পিছতে ট্ৰাম্পৰ প্ৰচণ্ড খং, ভোটগণনা বন্ধ কৰাবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ

News18 Assam | News18-Assam
Updated:November 5, 2020, 10:28 AM IST
US Election Result:  বাইডেন আগবঢ়াৰ পিছতে ট্ৰাম্পৰ প্ৰচণ্ড খং, ভোটগণনা বন্ধ কৰাবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ
ভোটগণনা বন্ধ কৰাৰ দাবী ড’নাল্ড ট্ৰাম্পৰ।

ভোটগণনা বন্ধ কৰাৰ দাবী ড’নাল্ড ট্ৰাম্পৰ।

  • Share this:
US Election Result 2020: ডেম’ক্ৰেট প্ৰাৰ্থী জ’ বাইডেনে (Joe Biden) পিছ পেলোৱাৰ পিছত ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰচাৰ টীমে জৰ্জিয়া, বিস্ক’ন্সিন আৰু দেশৰ বিভিন্ন এলেকাত ভোটগ্ৰহণত দুই নম্বৰী কৰাৰ অভিযোগ কৰিছে। আনকি ছুপ্ৰীম ক’ৰ্টত গৈ ভোটগণনা বন্ধ কৰাৰো আহ্বান জনাইছে ট্ৰাম্পে।

ড’নাল্ড ট্ৰাম্প (Donald Trump) আৰু জ’ বাইডেনৰ (Joe Biden) মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে কিন্তু ডেম’ক্ৰেট প্ৰাৰ্থী জয়ৰ যথেষ্ট ওচৰ চপা দেখা গৈছে। পৰাজয়ৰ দিশলৈ গতি কৰাৰ কাৰণে ট্ৰাম্পে এতিয়া আদালতৰ দ্বাৰস্থ হৈছে। ট্ৰাম্পৰ প্ৰচাৰ টীমৰ সদস্যই এতিয়া বাচি থকা ৰাজ্যসমূহত ভোটগণনা বন্ধ কৰিবলৈ ছুপ্ৰীম ক’ৰ্টৰ দ্বাৰস্থ হৈছে। ট্ৰাম্পে বাৰে বাৰে ভোটগণনাত ডাঙৰ খেলিমেলি কৰাৰ অভিযোগ কৰিছে আৰু মেল ইন বেলটক ডাঙৰ কেলেংকাৰী আখ্যা দিছে।

ইয়াৰ মাজতে ফলাফলৰ পিছত হিংসাত্মক ঘটনাৱলীৰ আশংকাৰ কাৰণে নিৰাপত্তা ব্যৱস্থা যথেষ্ট মজবুত কৰা হৈছে। হোৱাইট হাউচ সহ সকলো আগশাৰীৰ বাণিজ্য ক্ষেত্ৰ আৰু বজাৰত সুৰক্ষা বৃদ্ধি কৰা হৈছে। ট্ৰাম্পৰ যুদ্ধংদেহী মানসিকতাৰ মাজত বাইডেনৰ আইনী দলো আদালতত যুঁজিবলৈ সাজু বুলি জনাইছে।

জ’ বাইডেনে কৰিলে এই অভিলেখ

জয়ৰ লগে লগে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্বাধিক ভোটেৰে জয়লাভ কৰা প্ৰথম ৰাষ্ট্ৰপতি ৰূপে চিহ্নিত হ’বলৈ গৈ আছে জ’ বাইডেন। এই নিৰ্বাচনত বাইডেনে ৭কোটিৰো অধিক ভোট লাভ কৰিছে। ইয়াৰ পূৰ্বে এই অভিলেখ বাৰাক ওবামাই ৰচিছিল। ২০০৮চনৰ নিৰ্বাচনত ওবামাই ৬কোটি ৯৪লাখৰো অধিক ভোট লাভ কৰিছিল। অৱশ্যে এতিয়াও কেইবাখনো গুৰুত্বপূৰ্ণ ৰাজ্যৰ ফলাফল আহিবলৈ বাকী। নেৱাডা আৰু পেনছিলভেনিয়াৰ দৰে একাংশ ৰাজ্যৰ ভোটগণনা অব্যাহত আছে আৰু এই পৰিণামে বাইডেন আৰু ট্ৰাম্পৰ ভাগ্য নিৰ্ধাৰণ কৰিব। আমেৰিকাত এইবাৰ ভোটদানৰ ক্ষেত্ৰত ১২০ বছৰৰ ৰেকৰ্ড ভংগ হৈছে। মুঠ ৬৬.৯শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে।
First published: November 5, 2020, 10:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading