ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ মাজত তীব্ৰ যুঁজ, এতিয়াও স্পষ্ট হোৱা নাই ছবি,  উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ট্ৰাম্পৰ

News18 Assam | News18-Assam
Updated:November 4, 2020, 11:44 PM IST
ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ মাজত তীব্ৰ যুঁজ, এতিয়াও স্পষ্ট হোৱা নাই ছবি,  উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ট্ৰাম্পৰ
তীব্ৰ প্ৰতিদ্বন্দিতা দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত

তীব্ৰ প্ৰতিদ্বন্দিতা দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত

  • Share this:
কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? তীব্ৰ যুঁজ ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ মাজত। এই পৰ্যন্ত ড’নাল্ড ট্ৰাম্পককৈ আগবাঢ়ি আছে জে’ বাইডেন। বৰ্তমানলৈকে ২২৭টা ইলেক্টোৰেল ভোট লাভ কৰিছে জ’ বাইডেনে। ইয়াৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে লাভ কৰিছে ২১৩টা ইলেক্টোৰেল ভোট। শাসনলৈ আহিবলৈ মেজিক নম্বৰ হ’ল ২৭০।

  • জ’ বাইডেনে কৈছে যে, তেওঁ Wisconsin, পেঞ্চিলভেনিয়া আৰু মিছিগনত  জয়লাভ কৰিছে।


  • জ’ বাইডেনে মিছিগনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বাইডেনে মিছিগনত ৩২,৫৬৫টা ভোট লাভ কৰিছে।

  • ড’নাল্ড ট্ৰাম্পে অভিযোগ আনিছে যে, যোৱা নিশা তেওঁ সকলো ৰাজ্যতে আগবাঢ়ি আছিল। কিন্তু ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ সন্দেহজনক বেলট গননা কৰা হৈছে। উদ্বেগৰ কথা যে, এতিয়া সম্পূৰ্ণ খেলিমেলিৰ মাজেৰে গননা চলি আছে।

  • এতিয়া অলাক্সা, এৰিজ’ন, নৰ্থ কেৰোলীনা, নেবাডা, Wisconsin,মাইনে, জাৰ্জিয়াতএতিয়া ভোট গননা বাকী আছে।

  • ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনত বেমেজালি হোৱাৰ অভিযোগ উত্থাপিত কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে।


Published by: Himangshu Bhuyan
First published: November 4, 2020, 11:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading