US Election 2020 Result Updates: ড’নাল্ড ট্ৰাম্প নে জ’ বাইডেন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি? জয়ৰ কাৰণে গুৰুত্বপূৰ্ণ ৫খন ৰাজ্যত কোন আগবাঢ়ি আছে?

এতিয়াও পাঁচখন স্বিং ষ্টেটছত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে কাৰণ এইসমূহত যি জিকে সিয়েই হোৱাইট হাউচ পাইগৈ বুলি কোৱা হয়।
এতিয়াও পাঁচখন স্বিং ষ্টেটছত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে কাৰণ এইসমূহত যি জিকে সিয়েই হোৱাইট হাউচ পাইগৈ বুলি কোৱা হয়।
- News18 Assam
- Last Updated: November 4, 2020, 9:19 AM IST
উল্লেখ্য যে ১০০ বছৰৰ ইতিহাসে কয় নিৰ্ণায়ক ভূমিকা সদায় ৫খন স্বিং ষ্টেটছে লয়। ইয়াৰে ফ্লৰিডাত ট্ৰাম্প আগবাঢ়ি আছে। আনহাতে ফ্লৰিডাৰ লগতে পেনছিলভেনিয়া আৰু অহাইঅ’ৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ। নিউয়ৰ্ক, ৱাশ্বিংটন, কেলিফ’ৰ্নিয়াও এনে বৃহৎ প্ৰদেশ যি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কাৰণে গুৰুত্বপূৰ্ণ।
আমেৰিকাত মুঠ ৫০ খন ৰাজ্য আছে আৰু প্ৰত্যেকতে ইলেক্টৰ্ছৰ নিশ্চিত সংখ্যা আছে। এনেকুৱাত যিজন প্ৰাৰ্থীয়ে অধিক ৰাজ্যৰ ইলেক্টৰ্ছ জিকিব তেঁৱেই ৰাষ্ট্ৰপতি হ’ব। আমেৰিকাত মুঠ ইলেক্টৰ্ছৰ সংখ্যা ৫৩৮ আৰু সংখ্যাগৰিষ্ঠতাৰ কাৰণে ২৭০ লাগে।
ফ্লৰিডাঃ ফ্লৰিডা জয় কৰা মানে হোৱাইট হাইচ পোৱা, এনেকৈ কোৱা হয়। ইয়াৰে ৮০শতাংশ ভোটৰ গণনা সমাপ্ত হৈছে। ৫০শতাংশ পপুলাৰ ভোট ট্ৰাম্পে পাইছে। যোৱাবাৰতকৈ তেওঁ বেছি ভোট পাইছে। মিচিগানতো ট্ৰাম্প আগবাঢ়ি আছে।
নিউয়ৰ্কঃ জ’ বাইডেন নিউয়ৰ্কত ট্ৰাম্পতকৈ অধিক আগবাঢ়ি আছে। এই ৰাজ্যত জয়ৰ দিশে তেওঁ আগবাঢ়িছে।
পেনচিলভেনিয়াঃ ইয়াত বাইডেন আগুৱাই আছে।