কাইলৈ আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন, জোৰদাৰ প্ৰচাৰ ড’নাল্ড ট্ৰাম্পৰ, অ’ বিডেনৰ হৈ প্ৰচাৰত ভাগ ল’লে বৰাক ওবামাই

মাজত ২৪ ঘণ্টাতকৈও কম সময়। আকৰ্ষণীয় হৈ উঠিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক যুঁজ।
মাজত ২৪ ঘণ্টাতকৈও কম সময়। আকৰ্ষণীয় হৈ উঠিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক যুঁজ।
- News18 Assam
- Last Updated: November 2, 2020, 4:02 PM IST
কোৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতো দেশখনত এতিয়া পূৰ্ণ পৰ্যায়ত চলিছে প্ৰচাৰ অভিযান। প্ৰতিখন সভাতে এতিয়া জনতাক উদ্দেশ্যি উদাত্ত ভাষণ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। কিন্তু বহু কেইটা বিষয়ৰ লগতে কোৰোণা প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা ড’নাল্ড ট্ৰাম্পৰ সন্মুখত এইবাৰ বৃহত্ প্ৰত্যাহ্বান হিচাপে থিয় দিছে নিৰ্বাচন।
ইফালে অ’ বিডেনৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাই। উল্লেখযোগ্য যে, এইবাৰৰ নিৰ্বাচনত আগতীয়াকৈয়ে অভিলেখ সংখ্যক ভোট জমা হৈছে।সমীক্ষাই জ’ বিডেন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনা দেখিছে।
- ২০২০ৰ শেষ ভাগত কোৰোণাৰ ভেকচিন। ২০২১ৰ পৰা সাধাৰণ জীৱন যাত্ৰা আৰম্ভ কৰা। ভৱিষ্যতে কোনো মহামাৰী হ’লে এতিয়াৰ পৰাই সাজু থকা।
- ১০ মাহতে ১০ মিলিয়ন নতুন চাকৰিৰ সৃষ্টি। ঘৰ লোনৰ বাবে টেক্স কৰ্তন।
- চীনক উচিত শিক্ষা দিয়াৰ প্ৰতিশ্ৰুতি।
- শক্তিৰ স্বতন্ত্ৰতাৰ বাবে ডিৰেগুলেটৰী এজেণ্ডা কণ্টিনিউ কৰা।
- শিক্ষা, স্বাস্থ্যৰ দ্ৰুত বিকাশ।
জ’ বিডেনৰ প্ৰতিশ্ৰুতি-
- কোৰোণা ভাইৰাছঃ নিকা স্বচ্ছ পদ্ধতিৰে কোৰোণাৰ পৰীক্ষা। ভেকচিন আৰু চিকিত্সা সেৱা প্ৰদানৰ ক্ষেত্ৰত শক্তিশালী, বিশ্বাসযোগ্যতা প্ৰদান।
- চাকৰি আৰু অৰ্থনীতি- চাকৰি সৃষ্টি, চাকৰি হেৰুওৱা সকলৰ বাবে কোভিড১৯ আনএম্পয়িমেণ্ট ইনচুৰেন্সৰ ম্যাদ বৃদ্ধি, অৰ্থনীতি পুনৰুদ্ধাৰৰৰ বাবে শক্তিশালী অৰ্থনৈতিক পেকেজ।
- বানিজ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম মানি চলিবলৈ চীনক বাধ্য কৰোৱা।
- আমেৰিকাৰ প্ৰব্ৰজন ব্যৱস্থা আধুনীকিকৰণ কৰা।