• Home
  • »
  • News
  • »
  • world
  • »
  • NRC মুছলমানৰ বাবে ধৰ্মীয় পৰীক্ষা, মুছলমানৰ ওপৰত নাগৰিকত্ব প্ৰমাণৰ বোজা আৰোপ – ক’লে মাৰ্কিন চৰকাৰী প্ৰতিষ্ঠানে

NRC মুছলমানৰ বাবে ধৰ্মীয় পৰীক্ষা, মুছলমানৰ ওপৰত নাগৰিকত্ব প্ৰমাণৰ বোজা আৰোপ – ক’লে মাৰ্কিন চৰকাৰী প্ৰতিষ্ঠানে

২৭ আগষ্টত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত আমেৰিকান সংস্থাটোৱে এন আৰ চিৰ নামত ধৰ্মীয় অত্যাচাৰ চলোৱাৰ ব্যাপক অভিযোগ উত্থাপন কৰিছে।

  • Share this:
    পাৰ্থ বৰা : পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ তিনি দিন পূৰ্বে এইবাৰ মাত মাতিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা সংস্থা U.S. Commission on International Religious Freedom (USCIRF)য়ে অসমত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্রিয়াক অসমৰ মুছলমানসকলৰ ধৰ্মীয় পৰীক্ষা (Religious Test) হিচাপে অভিহিত কৰিছে।

    ২৭ আগষ্টত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত আমেৰিকান সংস্থাটোৱে এন আৰ চিৰ নামত ধৰ্মীয় অত্যাচাৰ চলোৱাৰ ব্যাপক অভিযোগ উত্থাপন কৰিছে। যাৰ ফলশ্ৰুতিত নাগৰিকৰ ধৰ্মীয় পৰিচয়ৰ দিশটোক এক প্রয়োজনীয় অন্তৰ্ভুক্তি হিচাপে পৰিগণিত হৈছে বুলিও ক’ব খুজিছে আমেৰিকান সংস্থাটোৱে।

    এন আৰ চি উন্নীতকৰণৰ যোগেদি ধৰ্মীয় সংখ্যালঘুৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰা হৈছে আৰু অসমৰ মুছলমান লোকসকলক দেশহীন কৰাৰ অপচেষ্টা চলিছে বুলিও উল্লেখ কৰা হৈছে প্ৰেছ বিজ্ঞপ্তিখনত। লগতে নাগৰিকত্ব প্ৰমাণৰ বোজা কেৱল মুছলমানসকলে ল’বলগীয়া হৈছে যাৰ ফলত তেওঁলোকে এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে বুলিও ক’ব খোজে মাৰ্কিন সংস্থাটোৱে।

    লক্ষণীয় ভাৱে মার্কিন চৰকাৰী প্ৰতিষ্ঠানটোৱে এবাৰো ভাৰতৰ উচ্চতম ন্যায়ালয়ক উদ্দেশ্যি এটা শব্দও উল্লেখ কৰা নাই।

    First published: