Capitol Hill Violence: ড’নাল্ড ট্ৰাম্পৰ কাণ্ডত অতিষ্ঠ! ফেচবুক, ইনষ্টাগ্ৰামে ২৪ঘণ্টালৈ, টুইটাৰে ১২ঘণ্টালৈ ব্লক কৰিলে একাউণ্ট, একেবাৰে বন্ধ কৰি দিয়াৰ সকীয়নি

টুইটাৰৰ পিছত ফেচবুকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা ভিডিও আঁতৰাই দিয়ে।
টুইটাৰৰ পিছত ফেচবুকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা ভিডিও আঁতৰাই দিয়ে।
- News18 Assam
- Last Updated: January 7, 2021, 9:31 AM IST
Facebook removes US President Donald Trump's video addressing his supporters during violence at US Capitol
"We removed it because on balance we believe it contributes to rather than diminishes the risk of ongoing violence," tweets Facebook Vice President of Integrity, Guy Rosen https://t.co/fdCneDzNwq
— ANI (@ANI) January 6, 2021
ফেচবুকে ট্ৰাম্পৰ পেজ ২৪ ঘণ্টাৰ কাৰণে চাচপেণ্ড কৰে। আনহাতে ইনষ্টাগ্ৰামেও তেওঁৰ একাউণ্ট ২৪ঘণ্টাৰ কাৰণে নিষিদ্ধ কৰিছে। টুইটাৰে লগতে সকীয়নি দিছে যে যদিহে ট্ৰাম্পে নিৰ্বাচনক লৈ উচতনিমূলক কথা কৈ থাকে তেনেহ’লে তেওঁৰ একাউণ্ট একেবাৰে ব্লক কৰি দিয়া হ’ব।
We've assessed two policy violations against President Trump's Page which will result in a 24-hour feature block, meaning he will lose the ability to post on the platform during that time.
— Facebook Newsroom (@fbnewsroom) January 7, 2021
আনহাতে ফেচবুকেও পলিচি ভংগ কৰাৰ কাৰণে ট্ৰাম্পৰ পেজত পষ্টিং ২৪ঘণ্টাৰ কাৰণে ৰখাই দিছে। কেপিটল হিলত ট্ৰাম্পৰ সমৰ্থকে হিংসাত্মক কাণ্ড সংঘটিত কৰাক লৈ ফেচবুক নিউজৰূমৰ পৰা টুইট কৰা গৈছে, 'ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে আমি দুটা ভায়লেন্স পলিচিৰ অধীনত একচন লৈছো। ট্ৰাম্পৰ ফেচবুক পেজ ২৪ঘণ্টাৰ কাৰণে ব্লক কৰি দিয়া হৈছে, লগতে তেওঁৰ এটা ভিডিও আঁতৰাই দিয়া হৈছে। ইয়াৰ অৰ্থ যে এই সময়চোৱাত ট্ৰাম্পে নিজৰ একাউণ্টৰ পৰা কোনোধৰণৰ পষ্টিং কৰিব নোৱাৰিব।'
Twitter locks account of outgoing US President Donald Trump for 12 hours following removal of three of his tweets. https://t.co/EJUdTx3t49 pic.twitter.com/jdQpJ6C3xF
— ANI (@ANI) January 7, 2021
আনহাতে ইনষ্টাগ্ৰামেও ২৪ঘণ্টাৰ কাৰণে ট্ৰাম্পক বেন কৰিছে। ইনষ্টাগ্ৰামৰ হেড এডম মচেৰিয়ে এই বিষয়ে জনায়।
We are locking President Donald Trump’s Instagram account for 24 hours as well: Adam Mosseri, Head of Instagram pic.twitter.com/3TSosVgfS7
— ANI (@ANI) January 7, 2021
উল্লেখ্য যে, ট্ৰাম্পে হাৰ মানিবলৈ অস্বীকাৰ কৰাৰ পিছত তেওঁৰ সমৰ্থকৰ ভিৰে ইউএছ কেপিটল হিল বিল্ডিঙৰ বাহিৰত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত জ’ বাইডেনে (Joe Biden) ইউ এছ কেপিটল হিলত ট্ৰাম্পৰ সমৰ্থকৰ কাণ্ডক ৰাজদ্ৰোহ আখ্যা দিছে।
কেপিটল হিলৰ হিংসাত্মক বিক্ষোভত এজনৰ মৃত্যু হয়। এই বিক্ষোভৰ মাজতে ড’নাল্ড ট্ৰাম্পে সমৰ্থকসকলক উচতাই ভিডিও বিবৃতি পষ্ট কৰাৰ উল্লেখেৰে ফেচবুকে তেওঁৰ ভিডিও ডিলিট কৰে।
অৱশ্যে ট্ৰাম্পে সমৰ্থকসকলক পৰৱৰ্তী সময়ত ছচিয়েল মিডিয়াৰ জৰিয়তে শান্তিৰ আহ্বানো জনায়।
কেনেকৈ আৰম্ভ হ’ল এই কাণ্ড?
জ’ বাইডেনৰ জয়ক লৈ সংসদৰ চূড়ান্ত সিদ্ধান্তক লৈ শংকিত হৈ ট্ৰাম্পে ইয়াৰ আগতেই ৱাশ্বিংটনত এক ডাঙৰ ৰেলীৰ আহ্বান কৰে। এই ৰেলীত অহা সমৰ্থকসকল ট্ৰাম্পৰ ভাষণৰ পিছতে উত্তেজিত হৈ পৰে। ট্ৰাম্পে পোণপটীয়াকৈ কয় যে আমেৰিকাৰ নিৰ্বাচনত গণ্ডগোল হৈছে আৰু বাইডেনৰ ভোটসমূহ কম্পিউটাৰৰ দ্বাৰাহে আহিছে।
ট্ৰাম্পে এই কথা মানিবলৈ অস্বীকাৰ কৰে বাইডেনে ৮কোটি ভোট পাইছে। ইফালে ট্ৰাম্পে ভাষণ দি আছে আনফালে ভিৰে ট্ৰাম্প–ট্ৰাম্প শ্লোগান দি আছিল। ইয়াৰ মাজতে উত্তেজিত ভিৰে সংসদত প্ৰৱেশ কৰে। ভিৰৰ কাণ্ড দেখি ট্ৰাম্পে শান্তিৰ আহ্বান জনায় কিন্তু এই আহ্বানো যেন কেৱল দেখুৱাবলৈহে আছিল!