‘পাকিস্তানৰ মন্ত্ৰীয়ে মোক ধৰ্ষণ কৰিছিল আৰু প্ৰধানমন্ত্ৰীয়ে শ্লীলতাহানি’, ৰহস্যময়ী নাৰীৰ বিস্ফোৰক দাবী

News18 Assam | News18-Assam
Updated:June 6, 2020, 12:03 PM IST
‘পাকিস্তানৰ মন্ত্ৰীয়ে মোক ধৰ্ষণ কৰিছিল আৰু প্ৰধানমন্ত্ৰীয়ে শ্লীলতাহানি’, ৰহস্যময়ী নাৰীৰ বিস্ফোৰক দাবী
মার্কিন ব্লগাৰৰ বিস্ফোৰক দাবীক লৈ পাকিস্তানত উত্তেজনা। 

মার্কিন ব্লগাৰৰ বিস্ফোৰক দাবীক লৈ পাকিস্তানত উত্তেজনা। 

  • Share this:
ইছলামাবাদ: পাকিস্তানত হঠাৎ ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰিছে এগৰাকী ৰহস্যময়ী মাৰ্কিন মহিলাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে। প্ৰাক্তন গৃহ মন্ত্ৰী ৰহমান মালিকে তেওঁক একাধিক বাৰ ধৰ্ষণ কৰাৰ অভিযোগ কৰিছে সিন্থিয়া ডি ৰিচি নামৰ মাৰ্কিন মহিলাগৰাকীয়ে। তেওঁ এগৰাকী নামী ব্লগাৰ। সিন্থিয়াৰ দাবী ২০১১চনত পানীয়ৰ সৈতে উত্তেজক ঔষধ সেৱন কৰাই তেওঁক ধৰ্ষণ কৰিছিল মালিকে।

ইমানতে থমকি নৰৈ মহিলগৰাকীয়ে কৰিছে আন এক বিস্ফোৰক দাবী, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইউছুফ ৰাজা গিলানী তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী মখদুম শ্বাহবুদ্দিনে ইছলামাবাদৰ প্ৰেচিডেণ্ট হাউচত তেওঁৰ সৈতে শাৰীৰিক নিৰ্যাতন কৰাৰ অভিযোগ কৰিছে তেওঁ। সেই সময়ত ৰাষ্ট্ৰপতি আছিল আছিফ আলী জৰদাৰী।

সিন্থিয়া ডি ৰিচি নামৰ এই মহিলাগৰাকীৰ অভিযোগক লৈ চাপত পৰিছে বিলাৱল ভুট্টোৰ দল। পাকিস্তান পিপলছ পাৰ্টীৰ তৰফৰ পৰা মহিলাগৰাকীৰ বিৰুদ্ধে ওলোটা কেচ কৰা হৈছে। তেওঁলোকৰ দাবী সিন্থিয়াই মিছা কথা কৈছে।

এটা ফেচবুক পোষ্টত সিন্থিয়াই জনাইছে পাকিস্তান তেওঁৰ দ্বিতীয় বাসস্থান৷ তেওঁ লিখিছে, 'মোৰ ওচৰত এতিয়াও প্ৰমাণ আছে। অহা সপ্তাহত বিস্তাৰিত তথ্য প্ৰমাণ সহ প্ৰকাশ কৰিম।'



যোৱা সপ্তাহতে সিন্থিয়াই এখন গ্ৰন্থ প্ৰকাশ কৰিছে, সেইখনৰ নাম, 'Indecent Correspondence: Secret sex life of Benazir Bhutto'৷ কিতাপখনত বেনজিৰ ভুট্টো, তেওঁৰ পুত্ৰ বিলাৱল ভুট্টো তথা দলৰ জ্যেষ্ঠ মন্ত্রী শেৰী মালিকৰ ব্যক্তিগত জীবনৰ নানা কাহিনী সন্নিবিষ্ট কৰা হৈছে।

Cynthia D Ritchie and pakistan ex interior minister Rahman Malik


টুইট কৰি মহিলাগৰাকীয়ে লিখিছে, এই ঘটনা ২০১১ বৰ্ষত পাকিস্তানৰ তত্‍কালীন গৃহমন্ত্ৰীৰ ঘৰত হৈছিল। সেই সময়তে ওচামা বিন লাদেনৰ মৃত্যু হৈছিল। মই ভাবিছিলো মোক ভিজা দিবলৈ মতা হৈছে কিন্তু যোৱাৰ লগে লগে পানীয়ৰ সৈতে টোপনি অহাৰ ঔষধ খুৱাই দিয়া হয়।

First published: June 6, 2020, 12:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading