• Home
  • »
  • News
  • »
  • world
  • »
  • বন্ধ কৰা হ’ব TIKTOK– কোৱা হৈছে,‘ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ভাবুকি স্বৰূপ TIKTOK’

বন্ধ কৰা হ’ব TIKTOK– কোৱা হৈছে,‘ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ভাবুকি স্বৰূপ TIKTOK’

প্ৰতীকী ছবি

প্ৰতীকী ছবি

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা জাননী অনুসৰি, ‘TikTok ৰ ব্যৱহাৰ অত্যন্ত অসুৰক্ষিত।

  • Share this:
বৰ্তমান সময়ত এক অন্যতম জনপ্ৰিয় ম’বাইল এপ TikTok। যুৱ প্ৰজন্মৰ মাজত অত্যন্ত জনপ্ৰিয় এই TikTok। TikTok ব্যৱহাৰকাৰী একাংশই লাভ কৰিছে যথেষ্ট জনপ্ৰিয়তা। কিন্তু TikTok ব্যৱহাৰকাৰীসকলৰ বাবে আছে এক বেয়া খবৰ। কাৰণ দেশৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হ’ব TikTok!

এই সম্বন্ধে ইতিমধ্যে জাননী জাৰি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। সৈনিক সকলে আনকি যি Application ডাউনলোড কৰিব,সেই ক্ষেত্ৰতো সাৱধান হ’বলৈ কৈছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। সেইদৰে যি এপে ফোন মনিটৰ কৰে,তেনে এপ লগে লগে ডিলিট কৰিবলৈ দিয়া হৈছে নিৰ্দেশনা।

ভয় কৰিব নালাগে! এই নিৰ্দেশ ভাৰতত নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিক সকলৰ বাবে দিয়া হৈছে এই নিৰ্দেশনা। চীনৰ পিছত আমেৰিকাৰ সৈনিক সকলেও TikTok ব্যৱহাৰ কৰা নিষিদ্ধ ঘোষণা কৰিছে দেশখনৰ চৰকাৰে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি