আপুনি হয়তো শুনিছিল যে ভাগ্যৰ বলত বহি বহি কোটিপতি হ’ল অথবা গোপন ভাণ্ডাৰ পালে ঐশ্বৰ্যৰ। কিন্তু খুব কমেইহে শুনিবলৈ পোৱা যায় যে কাৰোবাৰ হাতলৈ পইচা আহি আহিও গুচি গ’ল! ব্ৰিটেইনৰ এক দম্পত্তিৰ এনে এক দুৰ্ভাগ্যই এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত শিৰোনাম দখল কৰিছে। এই দম্পত্তিয়ে প্ৰায় ৩ মিলিয়ন পাউণ্ড অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৩১ কোটি টকাৰ লটাৰী জিকিছিল কিন্তু হাতলৈ এওঁলোকৰ ফুটা কড়ি এটাও নাহিল!
মাৰ্টিন আৰু কে টাট (Martyn & Kay Tott) নামৰ পতি–পত্নীয়ে লটাৰীৰ টিকটটোৱেই নাপালে সেয়ে (Lottery Ticket) টকাখিনিৰ পৰা তেওঁলোক বঞ্চিত হ’ল। তেওঁলোকে কৰ্টত আপত্তিও দাখিল কৰিছিল কিন্তু একো লাভ নহ’ল। আনহাতে এই ঘটনাটোৰ ফলত দুয়োৰে সম্পৰ্ক ইমানেই বেয়ালৈ গ’ল যে বিবাহ বিচ্ছেদ পৰ্যন্ত হ’ল।
Lottery Company–এ পইচা নিদিলে। Mirrorৰ প্ৰতিবেদন মতে ২০০১ চনৰ নেচনেল ড্ৰ’ লটাৰীৰ ফলাফলৰ ৬ মাহৰ পিছত দম্পত্তিৰ অনুভৱ হ’ল যে তেওঁলোকে পুৰষ্কাৰৰ ধনৰাশি জিকিছে। ৩১ কোটি টকা জিকাৰ খবৰৰ পিছতে মাৰ্টিন আৰু কে টাটে (Martyn & Kay Tott) লটাৰী কোম্পানীক এই খবৰ দিয়ে কিন্তু টিকটটো দেখুৱাব নোৱাৰে। তেওঁলোকে কম্পিউটাৰ তথ্য আৰু আন নথিৰ সহায়ত নিজকে জয়ী দেখুৱাবলৈ খুবেই যত্ন কৰে কিন্তু কোম্পানীয়ে তেওঁলোকৰ একো যুক্তি তৰ্ক গ্ৰহণ নকৰে। কোম্পানীৰ মতে লটাৰীৰ টিকট হেৰুৱাৰ ৩০ দিনৰ ভিতৰত ৰিপৰ্ট কৰিব লাগে আৰু তেওঁলোকে সেয়া কৰা নাছিল। গতিকে তেওঁলোকে লটাৰীৰ জিকা ধনৰাশি নাপায়।
এই দম্পত্তিক এতিয়া ব্ৰিটেইনৰ আটাইতকৈ দুৰ্ভাগ্যশালী দম্পত্তি (Unluckiest Couple) কোৱা হৈছে। অলপমান অসাৱধানতাৰ কাৰণে লটাৰী টিকট হেৰুৱালে, লটাৰী জিকিও টকা নাপালে আৰু মতভেদ হৈ পতি–পত্নীৰ সম্পৰ্কও ভাঙিল। ইয়াতকৈ বেয়া আৰু কি হ’ব পাৰে!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|