ম্যানমাৰৰ জে’লত মৃত্যু ভাৰতীয় বিদ্ৰোহীৰ

News18 Assam | News18-Assam
Updated:April 22, 2020, 10:11 PM IST
ম্যানমাৰৰ জে’লত মৃত্যু ভাৰতীয় বিদ্ৰোহীৰ
বিগত বৰ্ষৰ মাৰ্চত বাৰ্মিজ সেনাই গ্ৰেপ্তাৰ কৰিছিল সদস্যজনক৷

বিগত বৰ্ষৰ মাৰ্চত বাৰ্মিজ সেনাই গ্ৰেপ্তাৰ কৰিছিল সদস্যজনক৷

  • Share this:
ম্যানমাৰৰ জে’লত মৃত্যুক সাবটি ল'লে এজন ভাৰতীয় বিদ্ৰোহীয়ে৷ মণিপুৰী বিদ্ৰোহী সংগঠন UNLFৰ সদস্যজনৰ সোমবাৰে কাৰাৰুদ্ধ অৱস্থাতে মৃত্যু হয়৷ মৃত UNLFৰ সদস্যজন গাং বা বুলি সদৰি কৰিছে ম্যানমাৰৰ খামতি কাৰাগাৰে৷

ম্যানমাৰৰ খামতি জে’লত মৃত্যু হোৱা UNLFৰ সদস্যজন গেষ্ট্ৰিক আলচাৰত ভুগি আছিল বুলি দাবী কৰিছে জেল কৰ্তৃপক্ষই৷ বিগত বৰ্ষৰ মাৰ্চত বাৰ্মিজ সেনাই গ্ৰেপ্তাৰ কৰিছিল সদস্যজনক৷ খামতি জে’লতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে জে’ল কৰ্তৃপক্ষই৷

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৯ জানুৱাৰীৰ পৰা বাৰ্মিজ সেনাই NSCN-Kৰ মুখ্য শিবিৰসমূহ উৎখাত কৰি গ্ৰেপ্তাৰ কৰিছিল বহুকেইজন শীৰ্ষ নেতা–কেডাৰক৷ ইয়াৰ লগতে সেনাই আলফা স্বাধীন, KLO, PDCK, NDFB, UNLF, KYKL, PLA আদি ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠনৰ সকলো শিবিৰ উৎখাত কৰিছিল৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading