দুখনকৈ বাৰত ভয়ংকৰ গুলীচালনা, থিতাতে নিহত ৮জন লোক

News18 Assam | News18-Assam
Updated:February 20, 2020, 8:39 AM IST
দুখনকৈ বাৰত ভয়ংকৰ গুলীচালনা, থিতাতে নিহত ৮জন লোক
জাৰ্মান ব্ৰডকাষ্টাৰ হেছেনশাউৰ মতে, প্ৰথমটো ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়টো ঘটনাত মৃত্যু হয় ৫জন লোকৰ।

জাৰ্মান ব্ৰডকাষ্টাৰ হেছেনশাউৰ মতে, প্ৰথমটো ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়টো ঘটনাত মৃত্যু হয় ৫জন লোকৰ।

  • Share this:
জাৰ্মানীৰ দুখনকৈ বাৰত বুধবাৰে নিশা দুৰ্বৃত্তৰ গুলীচালনা। দুৰ্বৃত্তৰ গুলীত ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। জাৰ্মানীৰ স্থানীয় সংবাদ মাধ্যমৰ মতে, অচিনাক্ত দুৰ্বৃত্তই চহৰৰ শিশা বাৰত গুলীচালনা কৰে। স্থানীয় সময় অনুসৰি নিশা ১০ বজাত সংঘটিত হয় এই ঘটনা।

খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰে আৰম্ভ তদন্ত আৰম্ভ কৰে। আক্ৰমণৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্ত।

আনহাতে, হনাউৰ সমীপৰ কেছেলতাদ অঞ্চলতো সংঘটিত হয় গুলীচালনাৰ ঘটনা। জাৰ্মান ব্ৰডকাষ্টাৰ হেছেনশাউৰ মতে, প্ৰথমটো ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়টো ঘটনাত মৃত্যু হয় ৫জন লোকৰ।



আৰু চাওক
পৰৱৰ্তী বাতৰি