মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »এইয়াই হৈছে নিউ ইণ্ডিয়া! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমেৰিকাই

এইয়াই হৈছে নিউ ইণ্ডিয়া! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমেৰিকাই

আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত নিজৰ স্থিতি এতিয়া স্পষ্ট কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত নিজৰ স্থিতি এতিয়া স্পষ্ট কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত নিজৰ স্থিতি এতিয়া স্পষ্ট কৰিছে।

  • Share this:
ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধৰ পৰিপেক্ষিতত ভাৰতবৰ্ষৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু মনোমালিন্য দেখা গৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত নিজৰ স্থিতি এতিয়া স্পষ্ট কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউৰোপীয় আৰু ইউৰেচিয়ান পৰিক্ৰমা বিভাগৰ সহকাৰী সচিব কাৰেন ডনফ্ৰাইডে বুধবাৰে কয় যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা দৃষ্টিভংগীৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰই স্বাচ্ছন্দ্যবোধ কৰে (সহজভাবে লয়)। লগতে তেওঁ কয় যে, ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কোনো ধাৰণা নাই, কিয়নো দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ।

সংবাদ সংস্থা এএনআইৰ মতে, ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয় সন্দৰ্ভত সংবাদ মাধ্যমৰ দ্বাৰা সোধা প্ৰশ্নত ডনফ্ৰাইডে কয় যে তেওঁলোকে ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ে চিন্তা কৰা নাই। ভাৰতৰ সৈতে তেওঁলোকৰ আটাইতকৈ সৰ্বাধিক উৎপাদনশীল সম্পৰ্ক আছে। তেওঁলোকে মানৱীয় সহায় আগবঢ়াই ইউক্ৰেইনৰ জনসাধাৰণৰ বাবে ভাৰতৰ সমৰ্থনক আদৰণি জনায় আৰু ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ অপ্ৰৰোচিত যুদ্ধৰ তাৎক্ষণিক সমাপ্তিৰ বাবে ভাৰতৰ আহ্বানক আদৰণি জনায়।

তেওঁ লগতে কয় যে, ‘‘এই দশকৰ শেষৰ ফালে ৰাছিয়াৰ তেল আৰু গেছ উৎপাদন ৫০ শতাংশ হ্ৰাস পাব। আমি নিষেধাজ্ঞা আৰোপ কৰাৰ নীতিত বিশ্বাস নকৰোঁ। ভাৰতৰ দ্বাৰা লোৱা স্থিতিত আমাৰ কোনো সমস্যা নাই। ৰাছিয়াৰ বাজেট লোকচানে ইতিমধ্যে ফলাফল দেখুৱাইছে। আজিৰ যুগ যুদ্ধৰ নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা দাবীক আমি আদৰণি জনাইছো।’’

বিগত বৰ্ষৰ নৱেম্বৰ মাহত বালি G20 সন্মিলনত আলোচনা আৰু কূটনীতিৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যক আমেৰিকা যুক্তৰাষ্ট্ৰই আদৰণি জনাইছে বুলি কাৰেন ডনফ্ৰাইডে কয়। ইয়াৰোপৰি তেওঁ কয় যে, ‘‘G20 ৰ সভাপতি হিচাপে ভাৰতৰ নেতৃত্বৰ ভূমিকা প্ৰশংসনীয়।’’ আনহাতে, ডনফ্ৰাইডে পুটিনকো লক্ষ্য কৰি কয় যে, ৰাছিয়াৰ তেল আৰু গেছ সম্পদক অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰি ৰাছিয়াই পুনৰ কেতিয়াও এক নিৰ্ভৰযোগ্য শক্তি যোগানকৰ্তা হ’ব নোৱাৰাতো পুটিনে দেখুৱাই দিছে। ৰাছিয়াই বিশ্বব্যাপী তেল আৰু গেছৰ মূল্যও বৃদ্ধি কৰিছে, যি বৰ্তমান সমগ্ৰ বিশ্বতে চলি আছে।

শেহতীয়া বাতৰি