‘NRC পৰা বাদ পৰা লোকক বিতাড়ণ নকৰিব’– NRC ত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ!

এইবাৰ মাত মাতিলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ আয়ুক্তই

News18-Assam
Updated:September 10, 2019, 7:05 PM IST
‘NRC পৰা বাদ পৰা লোকক বিতাড়ণ নকৰিব’– NRC ত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ!
Source-google
News18-Assam
Updated: September 10, 2019, 7:05 PM IST
NRC ত পুনৰ ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ; এইবাৰ মাত মাতিলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ আয়ুক্তই; NRC পৰা বাদ পৰা লোকক বিতাড়ণ নকৰিবলৈ আৰু ডিটেনচন কেন্দ্ৰত নাৰাখিবলৈ ভাৰত চৰকাৰক আহ্বান আয়ুক্ত গৰাকীৰ

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ুক্ত মিচেলি বেচেলেটে এইবাৰ অসমত কাৰ্যকৰী হোৱা NRC প্ৰসংগ উল্লেখ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ কয় NRC প্ৰক্ৰিয়াই অনিশ্চয়তা (Deep Uncertainty) আৰু উদ্বেগৰ (Anxiety) সৃষ্টি কৰিছে।

জেনেভাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪২তম অধিবেশনত উদ্ধোধনী ভাষণ প্ৰদান কৰি বেচেলেটে ভাৰত চৰকাৰক NRC ৰ পৰা বাদ পৰা লোক সকলক ডিটেনচন কেন্দ্ৰত বন্দী নকৰিবলৈ আৰু বিতাড়ণ নকৰিবলৈ আহ্বান জনায়। এই সকল লোকক ৰাষ্ট্ৰহীন কৰি নেপেলাবলৈ আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ আয়ুক্ত গৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি