• Home
  • »
  • News
  • »
  • world
  • »
  • Unique World Record : পেলনীয়া সামগ্ৰীৰে ৰচিলে বিশ্ব অভিলেখ, পুৰণি ৱাশ্বিং মেচিনেৰে বনালে পিৰামিড

Unique World Record : পেলনীয়া সামগ্ৰীৰে ৰচিলে বিশ্ব অভিলেখ, পুৰণি ৱাশ্বিং মেচিনেৰে বনালে পিৰামিড

Unique World Record : বৃটেইনৰ ইলেক্ট্ৰনিকছ এটা কোম্পানীয়ে পুৰণি ৱাশ্বিং মেচিনেৰে ৪৪ ফুট ৭ ইঞ্চি ওখ এট পিৰামিড নিৰ্মাণ কৰি অভিলেখ ৰচিছে।

Unique World Record : বৃটেইনৰ ইলেক্ট্ৰনিকছ এটা কোম্পানীয়ে পুৰণি ৱাশ্বিং মেচিনেৰে ৪৪ ফুট ৭ ইঞ্চি ওখ এট পিৰামিড নিৰ্মাণ কৰি অভিলেখ ৰচিছে।

Unique World Record : বৃটেইনৰ ইলেক্ট্ৰনিকছ এটা কোম্পানীয়ে পুৰণি ৱাশ্বিং মেচিনেৰে ৪৪ ফুট ৭ ইঞ্চি ওখ এট পিৰামিড নিৰ্মাণ কৰি অভিলেখ ৰচিছে।

  • Share this:
পেলনীয়া সামগ্ৰীৰে জুগাড় বস্তু বনোৱা আপুনি শুনিছে ছাগে, কিন্তু পেলনীয়া সামগ্ৰীৰে বিশ্ব অভলেখ (Weird World Record) গঢ়া আপুনি শুনিছেনে? বৃটেইনৰ ইলেক্ট্ৰনিকছ কোম্পানী কুৰীচ পিচি ৱৰ্ল্ডে (Currys PC World) এনে এক অভিলেখেই গঢ়িবলৈ সক্ষম হৈছে। ইলেক্ট্ৰনিকছ সামগ্ৰীৰ ৰিচাইক্লিং কৰাত গুৰুত্ব দিয়া কোম্পানীটোৱে পুৰণি ৱাশ্বিং মেচিনেৰে সৰ্বোচ্চ ওখ পিৰামিড নিৰ্মাণৰ অভিলেখ গঢ়িছে।

কোম্পানীটোৱে পুৰণি ৱাশ্বিং মেচিনেৰে ৪৪ ফুট ৭ ইঞ্চি ওখ এট পিৰামিড নিৰ্মাণ কৰে। ইয়াৰ বাবে কোম্পানীটোক ১৪৯৬টা ৰিচাইকল কৰা ৱাশ্বিং মেচিন (Recycled Washing Machines)ৰ প্ৰয়োজন হৈছিল। ইয়াৰে ৪৪ ফুট ওখ পিৰামিডটো বনাই গিনীজ বিশ্ব অভলেখ (Record of largest pyramid of washing machine) ৰচিলে কোম্পানীটোৱে।

ইলেক্ট্ৰনিকছ সামগ্ৰীৰ ৰিচাকল কৰাৰ বাবে সজাগতা সৃষ্টিৰ বাবে ছেপ্টেম্বৰ মাহৰ পৰা এনে এক কামৰ পৰিকল্পনা কৰিছিল কোম্পানীটোৱে। পুৰণি সাম্গ্ৰীকো নতুন জীৱন দিব পাৰি , এই বাণীৰেই কোম্পানীটোৱে ৰিচাইক্লিঙক সৰ্বাধিক গুৰুত্ব দি কম কৰি আহিছে।

উল্লেখ্য যে বৃটেইনত প্ৰতিবছৰ আনুমানিক ১.৪৫ মিলিয়ন টন ই-আৱৰ্জনা (E-Waste) ওলায়।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: