ভাড়াত মানুহ দিয়াটো জাপানত কোনো নতুন কথা নহয় । প্ৰৱঞ্চক প্ৰেমিক-প্ৰেমিকাৰ সংগীক এসেকা দিয়াৰ পৰা আদি কৰি কোম্পানীৰ বাবে মধ্যবয়স্ক পুৰুষসকলক ভাড়া দিয়ালৈকে, মানুহ ভাড়ালৈ দিয়াৰ ভিন্ন উদাহৰণ আৰু সুবিধা আছে জাপানত ।
কিন্তু শেহতীয়াকৈ চলিত মাহৰ আৰম্ভণিতে এই তালিকাখনত আন এটা বিকল্প যোগ দিয়া হৈছে, যিয়ে দৃষ্টি কাঢ়িছে সকলোৰে । "শকত ব্যক্তি" ভাড়া দিয়া এই নতুন সেৱাৰ বিষয়ে জানিবলৈ উৎসাহী হৈ পৰিছে সকলো । "ডেবুকাৰী"(Debucari) শীৰ্ষক এই নতুন সেৱাটোৱে যিকোনো লোককে ঘণ্টা হিচাপত এজন শকত ব্যক্তি ভাড়ালৈ লোৱাৰ অনুমতি দিয়ে। যিহেতু জাপানত ১০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ শকত লোক কিছু পৰিমাণে দুৰ্লভ, সেয়েহে এই সেৱাৰ আঁৰত থকা উদ্যোগীজনে ভাবিছিল যে এনে লোকক অনলাইন সেৱাৰ জৰিয়তে উপলব্ধ কৰাটো এক উত্তম ব্যৱসায়িক সুযোগ হ'ব।
ডেবুকাৰী(Debucari) মিষ্টাৰ ব্লিছৰ দ্বাৰা পৰিচালিত হয়, যিয়ে প্লাছ-চাইজ ফেশ্বন ব্ৰেণ্ড Qzilla প্ৰতিষ্ঠা কৰিছিল। কোম্পানীৰ ৱেবছাইটত কোৱা হৈছে যে মিষ্টাৰে ব্লিছে তেওঁৰ কাপোৰৰ ব্ৰেণ্ডৰ বাবে শকত আকৃতিৰ মডেল বিচাৰিবলৈ সংগ্ৰাম কৰাৰ পিছত ডেবুকাৰী(Debucari)ৰ বাবে এই ধাৰণাটো তেওঁৰ মনলৈ আহিছিল। তেওঁ ২০১৭ চনত অধিক ওজনৰ লোকসকলৰ বাবে এটা প্ৰতিভা সংস্থাও প্ৰতিষ্ঠা কৰিছিল ।
চলিত বছৰৰ এপ্ৰিলত ডেবুকাৰীয়ে ঘোষণা কৰিছিল যে তেওঁলোকে ব্যক্তি বা ব্যৱসায়ৰ বাবে প্ৰয়োজন হোৱা শকত ব্যক্তিৰ সমস্যা দূৰ কৰিব আৰু প্ৰতি ঘণ্টাত ২,০০০য়েন অৰ্থাৎ ১,৩০০ টকাৰ বিনিময়ত শকত ব্যক্তিক ভাড়ালৈ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ।
ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে কোম্পানীটোৱে কিছুমান সম্ভাব্য কাৰণ উল্লেখ কৰিছিল, উদাহৰণস্বৰূপে অধিক ওজনৰ বন্ধুৰ বাবে কাপোৰ পিন্ধিবলৈ মডেলৰ প্ৰয়োজন, বা আপোনাক নিজৰ বিষয়ে ভাল অনুভৱ কৰাবলৈ আপোনাতকৈ অধিক শকত কাৰোবাৰ প্ৰয়োজন হ'ব পাৰে । আনফালে কোম্পানীবোৰৰ বাবে বাণিজ্যিক বা বিজ্ঞাপনৰ অংশ হিচাপে এজন শকত ব্যক্তিৰ প্ৰয়োজন হ'ব পাৰে।
ডেবুকাৰীয়ে এই সেৱা সম্পৰ্কে স্পষ্টকৈ কয় যে "Fat" শব্দটো ইয়াত অপমানজনক ধৰণে ব্যৱহাৰ কৰা হোৱা নাই । বিপৰীতে ইয়াক ইতিবাচক আৰু শক্তিশালী বুলি বিবেচনা কৰা উচিত। শেহতীয়া এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ডেবুকাৰীৰ বাবে আৱেদন কৰাৰ বাবে প্লাছ আকাৰৰ লোকসকলক বিবেচনা কৰা উচিত আৰু তেওঁলোকক "শকত" বুলি কোৱাত কোনো সমস্যা হোৱা উচিত নহয় । আন এটা বাধ্যতামূলক চৰ্ত হ'ল ১০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ লোকহে ৰখা হ'ব, যাৰ বয়স ১৮ বছৰতকৈ অধিক হ'ব।
কোম্পানীটোৱে লগতে কয় যে সম্পূৰ্ণ ২,০০০ য়েন অৰ্থাৎ ১,৩০০ টকা মাচুল ভাড়াত লোৱা ব্যক্তিজনক দিয়া হ'ব। ডেবুকাৰীৰ ওচৰত ইতিমধ্যে টকিঅ', ওচাকা আৰু আইচিকে ধৰি জাপানৰ কেইবাখনো মুখ্য চহৰত ভাড়াৰ বাবে উপলব্ধ অধিক ওজনৰ লোকৰ ৰোষ্টাৰ উপলব্ধ ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|