আমেৰিকান সেনা প্ৰত্যাগমনৰ পিছতে আফগানিস্তানৰ পৰিস্থিতি ভয়াৱহ দিশলৈ গতি কৰিছে। পুনৰ ছানি ধৰিছে ধৰ্মীয় মৌলবাদে। আফগান চৰকাৰ হৈ পৰিছে দিশহাৰা। এনে সময়তে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে কয় যে আফগানিস্তানৰ তালিবান অধিকৃত অঞ্চলসমূহত মহিলাৰ অধিকাৰৰ চৰম উলংঘনৰ "ভয়ংকৰ" প্ৰতিবেদন আহিছে।
ৰাষ্ট্ৰসংঘৰ মহাসচিবে কয়– "তালিবান নিয়ন্ত্ৰণাধীন অঞ্চলসমূহত মানৱ অধিকাৰ উলংঘনৰ প্ৰতিবেদনৰ বাবে মই গভীৰভাৱে শংকিত, বিশেষকৈ তালিবানে মহিলা আৰু সাংবাদিকৰ অধিকাৰ উলংঘা কৰা দেখা গৈছে।'
তালিবানসকলে প্ৰায় দুটা দশকৰ পিছত আফগানিস্তানত পুনৰ ক্ষমতা লাভ কৰিবলৈ আগবাঢ়িছে। দেশখনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ পিছত তালিবান বাহিনীয়ে এটাৰ পিছত এটা অঞ্চল দখল কৰি আছে। এতিয়া কাবুলৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ দূৰত তালিবান।
ৰাষ্ট্ৰসংঘৰ মহাসচিবে সতৰ্ক কৰি দিছে যে অসামৰিক লোকৰ ওপৰত আক্ৰমণ আন্তৰ্জাতিক মানৱ অধিকাৰ আইনৰ এক ডাঙৰ উলংঘন। তেওঁ ইয়াক যুদ্ধ অপৰাধ বুলি বৰ্ণনা কৰে। অৱশ্যে, ৰাষ্ট্ৰসংঘৰ মুৰব্বীয়ে কয় যে আফগানিস্তানৰ পৰা ৰাষ্ট্ৰসংঘৰ কোনো কৰ্মচাৰীক স্থানান্তৰ কৰা নহ'ব। তেওঁৰ মতে, ৰাষ্ট্ৰসংঘই আফগান পৰিস্থিতি "ঘণ্টা" হিচাপত মূল্যায়ন কৰি আছে।
উল্লেখ্য, ৰাষ্ট্ৰসংঘৰ মতে, চৰকাৰী বাহিনী আৰু তালিবান যুঁজাৰুসকলৰ মাজত হোৱা যুঁজত কেৱল যোৱা মাহত ১,০০০ তকৈও অধিক নাগৰিকে প্ৰাণ হেৰুৱাইছে। যুদ্ধত হাজাৰ হাজাৰ মানুহে নিজৰ ঘৰ হেৰুৱাইছে। সংঘৰ্ষক্ষেত্ৰ আৰু চহৰৰ পৰা হাজাৰ হাজাৰ নাগৰিকে জীৱন ৰক্ষাৰ বাবে সুৰক্ষিত আশ্ৰয়ৰ আশাত ৰাজধানী কাবুললৈ দৌৰি আহিছে।
ৰাষ্ট্ৰসংঘই চাৰিওফালৰ দেশসমূহক স্থানচ্যুত সাধাৰণ মানুহৰ বাবে সীমান্ত মুকলি ৰাখিবলৈ আহ্বান জনাইছে। আন্তৰ্জাতিক দাতব্য সংস্থা ছেভ দ্য চিলড্ৰেনৰ মতে, সাম্প্ৰতিক সময়ত ৰাজধানীলৈ পলাই যোৱাসকলৰ ভিতৰত ৭২,০০০ শিশুও আছে। বিশ্ব খাদ্য কৰ্মসূচীয়ে (WFP) সতৰ্ক কৰি দিছে যে এই সংঘৰ্ষৰ ফলত আফগানিস্তানত খাদ্যৰ অত্যধিক অভাৱ হৈছে। অতি সোনকালেই এক মানৱীয় দুৰ্যোগ হ'ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|