ৰাষ্ট্ৰসংঘই নস্যাৎ কৰিলে প্ৰিয়ংকা চোপ্ৰাক লৈ পাকিস্তানৰ সমালোচনা, ‘তেওঁ নিজৰ ব্যক্তিগত মত দিব পাৰে’

বালাকোটত ভাৰতীয় সেনাই চলোৱা আক্ৰমণৰ পিছতে প্ৰিয়ংকা চোপ্ৰাই  টুইটাৰত জয় হিন্দ, ভাৰতীয় সেনা জিন্দাবাদ লিখিছিল। ইয়াৰ পিছতে শত্ৰুৰাষ্ট্ৰখন ব্যস্ত হৈ পৰিছিল ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে। 

News18-Assam
Updated:August 23, 2019, 2:19 PM IST
ৰাষ্ট্ৰসংঘই নস্যাৎ কৰিলে প্ৰিয়ংকা চোপ্ৰাক লৈ পাকিস্তানৰ সমালোচনা, ‘তেওঁ নিজৰ ব্যক্তিগত মত দিব পাৰে’
বালাকোটত ভাৰতীয় সেনাই চলোৱা আক্ৰমণৰ পিছতে প্ৰিয়ংকা চোপ্ৰাই  টুইটাৰত জয় হিন্দ, ভাৰতীয় সেনা জিন্দাবাদ লিখিছিল। ইয়াৰ পিছতে শত্ৰুৰাষ্ট্ৰখন ব্যস্ত হৈ পৰিছিল ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে। 
News18-Assam
Updated: August 23, 2019, 2:19 PM IST
ইউনিচেফৰ গুডউইল এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাক শেহতীয়াকৈ অযথা সমালোচনা কৰি হাৰাশাস্তি কৰি শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ মুখত ছাই সানিলে ৰাষ্ট্ৰসংঘই! টুইটাৰত ভাৰতীয় সেনাৰ জয়ধ্বনি দিয়াৰ কাৰণে প্ৰিয়ংকা চোপ্ৰাক এম্বেছাডৰৰ দায়িত্বৰ পৰা অপসাৰণ কৰিবলৈ ৰাষ্ট্ৰসংঘক খাটনি ধৰি কেম্পেইন চলাইছিল পাক চিনেমা তাৰকা আৰু বহুসংখ্যক লোকে। ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ এইক্ষেত্ৰত সকলো বিতৰ্কৰ অৱসান ঘটাই ঘোষণা কৰিছে যে গুডউইল এম্বেছাডৰ গৰাকীয়ে নিজৰ ব্যক্তিগত ক্ষমতাৰে মত প্ৰকাশ কৰাৰ স্বতন্ত্ৰতা আছে। ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰই জনাইছে এই কথা।

ইউনিছেফ গুডউইল এম্বেছাডৰসকলে যেতিয়া ব্যক্তিগত ক্ষমতাৰে কথা কয় তেতিয়া তেওঁলোকে নিজৰ আগ্ৰহৰ বিষয়বস্তুৰ সন্দৰ্ভত মত প্ৰকাশ কৰাৰ অধিকাৰ থাকে। সচিব প্ৰধান এণ্টনিঅ’ গুৱেটেৰেছৰ মুখপাত্ৰ ষ্টেফেন দুজাৰিকে বৃহস্পতিবাৰে দৈনন্দিন মত বিনিময় সন্দৰ্ভত প্ৰিয়ংকা চোপ্ৰাক লৈ এই মত দিয়ে।

তেওঁলোকৰ ব্যক্তিগত মত বা কামে ইউনিছেফৰ মতাদৰ্শ প্ৰতিফলিত কৰিবই লাগিব বুলি বাধ্যবাধকতা নাই।


অৱশ্যে লগতে তেওঁ কয়,
তেওঁলোকে যেতিয়া ইউনিছেফৰ হৈ কথা কয় তেতিয়া আমি আশা কৰো যে তেওঁলোকে ইউনিছেফৰ সাক্ষ্য প্ৰমাণ থকা নিৰপেক্ষ স্থিতি গ্ৰহণ কৰক।


ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে, ইউনিছেফৰ গুডউইল এম্বেছাডৰ সকল হৈছে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু তেওঁলোকে নিজাববীয়াকৈ নিজৰ সময় আৰু ৰাজহুৱা প্ৰফাইল ব্যৱহাৰ কৰি শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে বালাকোট আক্ৰমণৰ পিছত প্ৰিয়ংকা চোপ্ৰাই টুইটাৰত দেশভক্তিৰে গদগদ হৈ ভাৰতীয় সেনাক প্ৰশংসা কৰাৰ পিছতে পাকিস্তানৰ বহুলোকে অনলাইন কেম্পেইন চলাই তেওঁৰ গুডউইল এম্বেছাডৰৰ পদ কৰ্তন কৰাৰ আহ্বান জনাইছিল।

পাকিস্তানৰ মানৱ অধিকাৰ মন্ত্ৰী শ্বিৰিন মাজাৰিয়ে এই সপ্তাহতে ইউনিছেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিয়েট্টা ফ’ৰক চোপ্ৰাক আঁতৰোৱাৰ কাৰণে দাবী কৰিছিল। ভাৰতীয় সেনাৰ প্ৰতি সমৰ্থন প্ৰকাশেৰে প্ৰিয়ংকা চোপ্ৰাই ‘অন্ধ ৰাষ্ট্ৰীয়তাবাদ’ প্ৰকাশ কৰাৰ অভিযোগ কৰিছিল পাক প্ৰতিনিধিগৰাকীয়ে। প্ৰিয়ংকা চোপ্ৰাই ‘পাৰমাণৱিক যুদ্ধ’ সমৰ্থন কৰা বুলিও সমালোচনা কৰিছিল পাকিস্তানী পক্ষই।

বিশ্ব সুন্দৰীগৰাকীয়ে অৱশ্যে ছচিয়েল মিডিয়াত বহুলোকৰ সমৰ্থন লাভ কৰিছিল। এতিয়া ৰাষ্ট্ৰসংঘই সৰ্বশেষ মুখনি মাৰিলে পাকিস্তানৰ অযথা অভিযোগৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি